/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/92a98054-c7d7-4e56-84d8-ce7e8e420c98/8.jpg)
ডিজিটেল সংবাদ,ৰঙিয়াঃ ৰঙিয়াৰ মধুকুছিৰ ১ নং হচং নৱ সুৰজ যুৱ সংঘৰ সৌজন্যত আৰু ১ নং হচং গাঁৱৰ ৰাইজৰ সহযোগত দুদিনীয়াকৈ দৌল উৎসৱৰ আয়োজন কৰা হয় । ২৫ আৰু ২৬ মাৰ্চত ১ নং হচং,মাজৰচুবুৰীত অনুষ্ঠিত হ'বলগীয়া দৌল উৎসৱৰ কাৰ্যসূচী অনুসৰি ২৫ মাৰ্চত পুৱা ৬ বজাত পৰিৱেশ নিকাকৰণ, পুৱা ৬:৩০ বজাত প্ৰতিমা স্থাপন,ভাগৱত স্থাপন, মুখ্য দ্বাৰ উন্মোচন, সংঘৰ পতাকা উত্তোলন কৰিব।
পুৱা ৮:৩০ বজাত ধৰ্মধব্বজা উত্তোলন কৰিব দৌল উৎসৱৰ উদযাপন সমিতিৰ সভাপতি তপন চন্দ্ৰ দাসে, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ, পুৱা ১১ বজাত ভাগৱত শোভাযাত্ৰা উদ্বোধন কৰিব জ্যেষ্ঠ সাংবাদিক নয়নজ্যোতি তালুকদাৰে, ভাগৱত পাঠৰ পিছত দিনৰ ১২ বজাত সমূহীয়া ফাকুৱা খেল অনুষ্ঠিত হ'ব।
আনহাতে সন্ধিয়া ৬ বজাত আৰিয়া প্ৰজ্বলন, মুখ্য আৰিয়া প্ৰজ্বলক হিচাপে উপস্থিত থাকিব গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী দিপালী দাসৰ উপৰি কেইবাগৰাকী ব্যক্তি । নিশা পাঠিকাদ্বয় বৰষাৰাণী দাস আৰু অনিতা তালুকদাৰে নাগাৰা নামৰ পৰিবেশন কৰিব।
ইফালে দ্বিতীয় দিনা কাৰ্যসূচী অনুসৰি পুৱা পৰিৱেশ নিকাকৰণ, পুৱা ১০ বজাত খেল ধেমালি প্ৰতিযোগিতা, ভাগৱত পাঠ, দিনৰ ১১:৩০ বজাত হোম যজ্ঞ, পুষ্পাঞ্জলী, প্ৰসাদ বিতৰণ, সমূহীয়া ফাকুৱা খেল আৰু সন্ধিয়া ৬ বজাত বন্তি প্ৰজ্বলন আৰু স্থানীয় শিল্পীৰ বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠানৰ পিছতেই নিশা ইন্দ্ৰ ধনু মিনি থিয়েটাৰৰ নাট প্ৰদৰ্শনেৰে অষ্টম বাৰ্ষিক দৌল উৎসৱৰ সামৰণি পৰিব বুলি সভাপতি তপন চন্দ্ৰ দাসে জানিবলৈ দিয়ে ।
Also Read: পূৱ কামৰূপ মহাবিদ্যালয়ত হস্ততাঁত-বস্ত্ৰশিল্পৰ কৰ্মশালা