কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই দ্বিতীয় বাৰলৈ অৰ্জন কৰিলে ৰাষ্ট্ৰীয় সন্মান

কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই দ্বিতীয় বাৰলৈ অৰ্জন কৰিলে ৰাষ্ট্ৰীয় সন্মান

ডিজিটেল সংবাদ, কঠিয়াতলীঃ যোৱা ২০২০- ২১ বৰ্ষত কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৱে প্ৰথম বাৰলৈ ৰাষ্ট্ৰীয় গুণগত মান নিৰ্ণায়ক কমিটিৰ পৰোক্ষ পৰিদৰ্শনত ৰাষ্ট্ৰীয় সন্মান লাভ কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ বিপৰীতে এই বৰ্ষটো ৰাষ্ট্ৰীয় গুণগত মান নিৰ্ণায়কৰ প্ৰত্যক্ষ পৰিদৰ্শন আৰু মূল্যায়নত পুনৰ দ্বিতীয় বাৰলৈ ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে স্বাস্থ্য কেন্দ্ৰটোই। এই ক্ষেত্ৰত স্বাস্থ্য কেন্দ্ৰটোৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰমেন বেজবৰুৱাৰ লগতে স্বাস্থ্য কেন্দ্ৰৰ পৰিচালনা সমিতি, চিকিৎসক, নাৰ্চ আৰু সকলো চিকিৎসা কৰ্মীয়ে আনন্দ প্ৰকাশ কৰিছে।

খণ্ড আঁচনি প্ৰবন্ধক প্ৰাণদীপ নাথে জনাই যে ৬ টা বিষয়ৰ মূল্যায়নত (১) প্ৰসূতি কক্ষ, (২) পৰীক্ষাগাৰ (৩) বহিঃ বিভাগ (৪) ৰোগী আন্তঃবিভাগ (৫) সাধাৰণ প্ৰশাসন বিভাগ (৬) ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগৰ লগতে শৌচাগাৰ, প্ৰশ্ৰাৱগাৰ আটাইকেইটা মূল্যয়নত মুঠ ৮৪ শতাংশ নম্বৰ পাবলৈ সক্ষম হোৱাত এই ৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হয় স্বাস্থ্য কেন্দ্ৰটোয়ে। যোৱা ৬,৭,৮ নবেম্বৰত NQAS ৰ পৰীক্ষক ডাঃ মনীষ কুমাৰ আৰু ডাঃ সৌভিক দাসে স্বাস্থ্য কেন্দ্ৰটোৰ মূল্যয়নৰ দায়িত্বত আছিল বুলি জানিবলৈ দিয়ে স্বাস্থ্য বিষয়া গৰাকীয়ে । লগতে এনে সন্মান লাভ কৰাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰে।

কঠীয়াতলী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই দ্বিতীয় বাৰলৈ অৰ্জন কৰিলে ৰাষ্ট্ৰীয় সন্মান
উৰিয়াগাঁও খেলপথাৰত এতিয়া ভোগালীক লৈ উৎসৱমুখৰ পৰিবেশ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in