উৰিয়াগাঁও খেলপথাৰত এতিয়া ভোগালীক লৈ উৎসৱমুখৰ পৰিবেশ

 উৰিয়াগাঁও খেলপথাৰত এতিয়া ভোগালীক লৈ উৎসৱমুখৰ পৰিবেশ

ডিজিটেল সংবাদ,নগাঁও : উখল মাখল উৰিয়াগাঁৱৰ ঐতিহ্যমণ্ডিত খেলপথাৰ ৷ ভোগালীৰ বতৰত উৰিয়াগাঁৱৰ খেলপথাৰত ভোগালীক আদৰিবলৈ উদুলি মুদুলি পৰিৱেশ ৷ উৰিয়াগাঁও আঞ্চলিক উন্নয়ন সমিতিৰ উদ্যোগত অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ উৰিগাঁও আঞ্চলিক সমিতি , উৰিয়াগাঁও ক্ষুদ্ৰ ব্যৱসায়ী সন্হা আৰু বৃহত্তৰ উৰিয়াগাঁও অঞ্চলৰ ৰাইজৰ সহযোগত ভোগালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি ৷

বিহুৰ মূল কাৰ্যসূচী ১৪ জানুৱাৰীৰ পৰা শুভাৰম্ভ হ'ব ৷ সন্ধ্যা ভেলাঘৰত নাম প্ৰসঙ্গ,বিহুনাম , সাংস্কৃতিক অনুষ্ঠান আৰু নিশালৈ উৰুকাৰ ভোজভাতেৰ বিহুৰ কাৰ্যসূচীৰ পাতনি মেলা হ'ব ৷ ১৫ জানুৱাৰীত পুৱা ৬ বজাত মেজি আৰু অগ্নিসেৱাৰে কাৰ্যসূচী পাতনি মেলা হ'ব ৷ প্ৰজ্বলক হিচাপে আমন্ত্ৰন জনোৱা হৈছে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত , মোহিনী মোহন ডেকা ,নাৰায়ন চন্দ্ৰ বনিয়া , পুনম ৰাও বৰাক ৷

৭ বজাত পতাকা উত্তোলন কৰিব প্ৰাগজ্যোতিষ বনিয়া , শ্বহীদ তৰ্পন কৰিব পিতাম্বৰ শইকীয়াই ৷ স্থানীয় বয়োজ্যেষ্ঠ জনক জাতীয় পৰম্পৰাৰে সেৱা আৰু আৰ্শীবাদ গ্ৰহণ কাৰ্যসূচী আত ধৰিব প্ৰবোধ কুমাৰ বৰাই ৷ ইয়াৰ পিছতে খেল ধেমালী , আকষ্মিক বক্তৃতা , চিত্ৰাংকন , পাঞ্জা প্ৰতিযোগিতা অনুষ্ঠিত হব ৷ ১৬ জানুৱাৰীত বিশিষ্ট শিক্ষাবিদ নলিনী কান্ত বনিয়া , সমাজসেৱক হৰেন বৰাক ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান , বঁটা বিতৰনী আৰ দুপৰ ভাগত সমূহীয়া নখোৱা পৰ্ব অনুষ্ঠিত হ'ব ৷

ভোগালীৰ মূল কাৰ্যসূচীৰ লগতে আৰম্ভ হৈছে অসমী ভোগালী মেলা ৷ ১০ জানুৱাৰীত মেলাখনি শুভউদ্বোধন কৰা হয় ৷ বিষয়া অনন্ত গগৈয়ে বন্তি প্ৰজলন কৰি মেলাখনি শুভাৰম্ভ কৰে ৷ অনুষ্ঠানত শংখ প্ৰবাল শাণ্ডিল্য , প্ৰাগজ্যোতিষ বনিয়া , প্ৰবোধ চন্দ্ৰ বৰা আদি উপস্থিত থাকে ৷ মেলাত বিভিন্ন প্ৰান্তৰ প্ৰায় ৩০ টাকৈ মহিলা আত্মসহায়ক গোটে অংশ লৈছে ৷ বৰদোৱা , খাগৰিজান , লাওখোৱা , বঢ়মপুৰ , কলিয়াবৰ , বাজিয়াগাঁও , জুৰীয়া উন্নয়ন খণ্ডৰ অধীনৰ আত্মসহায়ক গোট সমূহে উৎপাদিত সামগ্ৰী লৈ মেলাত ভাগ লৈছে ৷

উক্ত স্থানত সাত জানুৱাৰীৰ পৰা আৰম্ভ হৈছে এখনি বানিজ্য আৰু আনন্দ মেলা ৷ মেলাখনি উদ্বোধন কৰে কমলেশ শইকীয়াই ৷ লগতে উপস্থিত থাকে দুলাল হাজৰিকা , বিষ্ণু প্ৰসাদ বৰা ,প্ৰাগজ্যোতিষ বনিয়া আদি ৷ বিহুক উপলক্ষ কৰি আয়োজিত এই কাৰ্যসূচীক লৈ এতিয়া উৰিয়াগাঁৱৰ খেলপথাৰ চৌহদত উৎসৱমুখৰ পৰিবেশ ৷

 উৰিয়াগাঁও খেলপথাৰত এতিয়া ভোগালীক লৈ উৎসৱমুখৰ পৰিবেশ
আজি পুনৰ জেৰাৰ সন্মুখীন হ’ব দুই ৰাজপত্ৰিত বিষয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in