চিলাপথাৰৰ কৃষকলৈ ৰাষ্ট্ৰীয় বঁটা...

চিলাপথাৰৰ কৃষকলৈ ৰাষ্ট্ৰীয় বঁটা...

ডিজিটেল সংবাদ, চিলাপথাৰঃ ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হ'ল চিলাপথাৰৰ আদৰ্শ কৃষক বিজয় লক্ষী পামে। ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত আদৰ্শ কৃষকজনৰ ঘৰ চিলাপথাৰ অঞ্চলৰ কুলাজান পঞ্চায়তৰ দীঘলী গাওঁত।

বিজয়লক্ষী পামেই বাওঁধান আৰু ভোট জলকীয়াৰ খেতি কৰি ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে প্ৰদান কৰা ৰাষ্ট্ৰীয় কৃষি বটাঁৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। বিগত ২৫ টা বছৰৰে কৃষি কৰ্মৰ সৈতে জড়িত থাকি বিজ্ঞান সন্মত প্ৰক্ৰিয়াৰে অসমত বিলুপ্ত প্ৰায় থলুৱা বাওঁধান-আমনা, নেগেৰী, ককুৱা,পানী ককুৱা,মিৰেম বাওঁ,জলধুবী, বিৰিয়াবঙা ধৰি বহু উন্নত জাতৰ বাওঁধানৰ সংৰক্ষণ কৰি আহিছে।

কেৱল বাওঁধানৰ খেতিয়েই নহয় কেঁচুসাৰ,পান খেতিৰ লগতে বহু উন্নত জাতৰ কৃষি কৰ্মৰ লগত জড়িত কৃষক গৰাকীয়ে বছৰে প্ৰায় ৮/৯ লাখ টকাৰ উপাৰ্জনেৰে কৰি আশাৰ বতৰা কঢ়িয়াইছে কৃষকৰ মাজত।

একেদৰে তেওঁ প্ৰচুৰ ভোট জলকীয়াৰ উৎপাদনৰ কৰি লাভৱান হৈছে। কৃষি বিভাগৰ দিহা পৰামৰ্শৰে কৃষি কাৰ্যত আশানুৰূপ সফলতা লাভ কৰা কৃষক জন কৃষিজীৱি ৰাইজৰ বাবে আদৰ্শ হৈ পৰিছে।

অসম কৃষি বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ অনুমোদনত কৃত কৰ্মৰ স্বিকৃতি ৰূপে বিজয়লক্ষী পামেই নিৰ্বাচিত হৈছে ৰাষ্ট্ৰী়য় কৃষি বটাঁৰ বাবে।

অহা ১২ ছেপ্টেম্বৰত নতুন দিল্লীত ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে প্ৰদান কৰিব এই বঁটা। কৃষকক গৰাকীৰ সফলতাই আনন্দিত হৈ পৰিছে কৃষক গৰাকীৰ লগতে গাওঁবাসী।

চিলাপথাৰৰ কৃষকলৈ ৰাষ্ট্ৰীয় বঁটা...
শিক্ষা  বিভাগৰ নিৰ্দেশ নমনা  শিক্ষককলৈ বিপাঙত ছাত্ৰ-ছাত্ৰী

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in