শিক্ষা  বিভাগৰ নিৰ্দেশ নমনা  শিক্ষককলৈ বিপাঙত ছাত্ৰ-ছাত্ৰী

শিক্ষা  বিভাগৰ নিৰ্দেশ নমনা  শিক্ষককলৈ বিপাঙত ছাত্ৰ-ছাত্ৰী
Published on
Updated on

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এগৰাকী স্নাতক শিক্ষক পৰাগ খনিকৰ । লখিমপুৰ জিলা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্য্যালয়ৰ অধীনৰ এইগৰাকী শিক্ষকক লৈ একপ্ৰকাৰৰ মূৰ কামোৰণী সৃষ্টি হৈছে ডেৰ শতাধিক শিক্ষাৰ্থীৰ লগতে এখন বিদ্যালয়ৰ।

শিক্ষা বিভাগৰ আইন কানুনলৈ কেৰেপ নকৰা এইগৰাকী বিজ্ঞান  স্নাতক শিক্ষকৰ বাবে ঢকুৱাখনা মহকুমাৰ এখন উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিক্ষাৰ্থী আৰু অভিভাৱকৰ বিলৈ বিপত্তি নোহোৱা হৈছে। পৰিণতিত গুণগত বিজ্ঞান শিক্ষাৰ পৰা মাহ মাহ ধৰি বঞ্চিত হ'বলগীয়া হৈ আহিছে চৰকাৰী খণ্ডৰ বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী সকল।

সংগৃহীত ৰাজহুৱা অভিযোগ মতে ঢকুৱাখনা মহকুমাৰ ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষকৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণৰ হেতু জিলাখনৰ বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্যালয়ে যোৱা ৭ আগষ্টত আই এছ/ এল ডি চি / লখিমপুৰ/ইন্ত্ৰা /এছ ই-০০১/০০০০২৬৪ নম্বৰৰ নিৰ্দেশনা যোগে মধ্য ঢকুৱাখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ স্নাতক বিজ্ঞান শিক্ষক পৰাগ খনিকৰক ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়লৈ বদলি কৰিছিল। বিভাগীয় নিৰ্দেশনা অনুসৰি মধ্য ঢকুৱাখনা বিদ্যালয় কৰ্তৃপক্ষই যোৱা ২৮ আগষ্টত শিক্ষক পৰাগ খনিকৰক পূৰ্বৰ কৰ্তব্যৰ পৰা অব্যাহতি দিয়ে ।

সেই অনুক্ৰমে নিৰ্ধাৰিত সময়ত শিক্ষক খনিকৰে বদলিপ্ৰাপ্ত বিদ্যালয় ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ত যোগদান কৰিব লাগে। জিলাৰ বিদ্যালয় সমূহৰ পৰিদর্শকৰ নিৰ্দেশনাটোত বদলিৰ নিৰ্দেশ জাৰি হোৱাৰ১০ দিনৰ ভিতৰত নতুন কৰ্মথলীত যোগদান কৰিবলৈ স্পষ্টভাৱে উল্লেখ কৰি দিছিল । পিছে আজি প্ৰায় দুটা মাহ অতিক্ৰম কৰাৰ উপক্ৰম হোৱাৰ পাছতো এইগৰাকী শিক্ষকে সংশ্লিষ্ট বিদ্যালয়খনত যোগদান নকৰা বুলি জানিব পৰা গৈছে ।

এই সন্দৰ্ভত ভাটি মেদক উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফু নাথ মেদকক যোগাযোগ কৰাত শিক্ষক গৰাকীয়ে অদ্যপি যোগদান নকৰা বুলি জানিবলৈ দি বিজ্ঞান শিক্ষক গৰাকীৰ এনে অবিবেচকী স্থিতিৰ বাবে শিক্ষানুষ্ঠানখনৰ ডেৰ শতাধিক শিক্ষাৰ্থী গুণগত শিক্ষা লাভৰ পৰা বঞ্চিত হোৱা বুলি  সংবাদ মাধ্যমক জানিবলৈ দিয়ে । শিক্ষা বিভাগে বিগত প্ৰায় এটা দশক ধৰি বিদ্যালয়খনত এজনো গণিত বিষয়ৰ শিক্ষকক নিযুক্তি নিদিয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থী সকলে সন্মুখীন হৈ অহা ভীষণ শৈক্ষিক ক্ষয় ক্ষতি এইগৰাকী শিক্ষকে পূৰণ কৰিব বুলি আশা প্ৰকাশ কৰিছিল বিদ্যালয় পৰিয়ালে।

কিন্তু চৰকাৰী নিৰ্দেশ নমনা এইগৰাকী শিক্ষকৰ অবিবেচকী কাণ্ডই এই আশাত চেঁচা পানী ঢালিলে । বিপৰীতে চৰকাৰী বেতনভোগী এগৰাকী শিক্ষকৰ এনে গুৰু গোঁসাই নমনা নীতিৰ পাছতো কোনো বিভাগীয় পদক্ষেপ গ্ৰহণ নকৰাৰো অভিযোগ উঠিছে জিলা  শিক্ষা বিভাগৰ বিৰুদ্ধে। বিদ্যালয়খনৰ শিক্ষাৰ্থী সকলৰ শৈক্ষিক ভৱিষ্যতক লৈ জিলা বিদ্যালয় সমূহৰ পৰিদর্শকৰ কাৰ্যালয়ৰ এচাম অদূৰদৰ্শী বিষয়া কৰ্মচাৰীয়ে নিৰ্লজ হেতালি খেলি থকাৰ  বাবেই  শিক্ষকৰ অভাৱত ভুগি অহাৰ অভিযোগ উত্থাপন কৰিছে অভিভাৱক আৰু মিচিং জাতীয় সংগঠনে ।

এই ক্ষেত্ৰত ভৰালী উপাধিৰ এজন বিষয়াৰ নাম চৰ্চালৈ আহিছে । ইপিনে কি পৰিস্থিতিত নব নিযুক্ত স্নাতক শিক্ষক খনিকৰে বিদ্যালয়খনত প্ৰায় দুটা মাহে যোগদান কৰা নাই সেয়া অৱগত নহয় যদিও এই সন্দৰ্ভত জিলা শিক্ষা বিভাগ আৰু জিলা আয়ুক্ত গৰাকীয়ে বিভাগীয় তদন্ত কৰি চৰকাৰী নিৰ্দেশনা অৱমাননা কৰা বিষয় সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবী জনাইছে ৰাইজ অভিভাৱক আৰু মিচিং সংগঠনে । অন্যথাই অচিৰেই  শিক্ষা বিভাগ আৰু জিলা প্ৰশাসনৰ গুৰুত্বহীন ভূমিকা আৰু বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ ভৱিষ্যতকলৈ  হেতালি খেলা  কাণ্ডৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ সকীয়নী দিছে।

শিক্ষা  বিভাগৰ নিৰ্দেশ নমনা  শিক্ষককলৈ বিপাঙত ছাত্ৰ-ছাত্ৰী
চিআইডিয়ে গ্ৰেপ্তাৰ কৰিলে DSP পুস্কল গগৈক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in