নাথ ষ্ট'ৰ পেপাৰ এজেন্সীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

নাথ ষ্ট'ৰ পেপাৰ এজেন্সীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন

ডিজিটেল সংবাদ,চৰাইদেউ : নানা প্ৰতিকূল পৰিস্থিতি আৰু প্ৰত্যাহ্বান নেওচি চৰাইদেউ জিলাৰ মাইবেলা অঞ্চলত বাতৰি কাকত বিতৰণৰ দ্বায়িত্ব সম্পাদন কৰি অহা 'নাথ ষ্ট'ৰ' নামৰ নিউজ পেপাৰ এজেন্সীটোৰ শুকুৰবাৰে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন হয়। ১৯৭৮ চনত ৩০ পইচা বিক্ৰী মূল্যৰ বাতৰি কাকত বিক্ৰী কৰা দিন ধৰি প্ৰতিষ্ঠানটোৱে আজি পৰ্যন্ত ব্যৱসায় অব্যাহত ৰখা সূত্ৰে এজেন্সীৰ গৰাকী সুৰেন নাথে প্ৰতিষ্ঠানটোৰ বৰ্ষপূৰ্তি উদযাপন কৰে ৷

বিভিন্ন দৈনিক কাকতৰ লগতে 'অসমীয়া প্ৰতিদিন' কাকতৰ সৈতে আজি পৰ্যন্ত প্ৰতিষ্ঠানটোৱে যি সম্পৰ্ক স্থাপন কৰি আহিছে সেয়া প্ৰতিদিনৰ পৰিয়ালৰ বাবে অতিকে মূল্যবান। প্ৰতিষ্ঠানটোৱে অনাগত দিনবোৰতো পূৰ্বৰ দৰে ধাৰাবাহিকতা ৰক্ষা কৰি যি পৰিচয়ৰে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ল সেয়া অটুট থাকক বুলি শুভাকাঙ্খীয়ে প্ৰাৰ্থনা জনায়।

এই উপলক্ষত আজি এক অনুষ্ঠান আয়োজন কৰে। এই উপলক্ষত আজি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে স্থানীয় জ্যেষ্ঠ নাগৰিক কাশীৰাম ভূঞাই ৷

ৰূপক কলিতাই আতঁ ধৰা অনুষ্ঠানটোত 'দুকুৰি পাঁচ বছৰীয়া এক আত্মানুভূতি পৰিক্ৰমা' শীৰ্ষক এখনি পুস্তিকা শুভ উন্মোচন কৰে প্ৰথিতযশা ভাস্কৰ্যবিদ দুৰ্লভ বড়াই ৷ অনুষ্ঠানটোত শিক্ষাবিদ অনিল দেওঘৰীয়া,সুৰেণ কুমাৰ দাস, প্ৰসাদ গগৈ উপস্থিত থাকি বক্তব্য ৰাখে ৷

মনোজ্ঞ অনুষ্ঠানটোত লাকুৱা তাপ বিদ্যুৎ কেন্দ্ৰৰ উপ- মহাপ্ৰবন্ধক যদুপ্ৰাণ বৰগোহাঁই, চৰাইদেউ প্ৰেছ ক্লাবৰ সম্পাদক প্ৰণৱ বৰগোহাঁই আৰু পোনা গগৈকে ধৰি স্থানীয় ভালে সংখ্যক লোক উপস্থিত থাকে।

নাথ ষ্ট'ৰ পেপাৰ এজেন্সীৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন
তিতাবৰত মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাৰইৰ এন অ' চি দিয়াৰ মাজতে উত্তপ্ত পৰিস্থিতি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in