তিতাবৰত মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাৰইৰ এন অ' চি দিয়াৰ মাজতে উত্তপ্ত পৰিস্থিতি...

তিতাবৰত মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাৰইৰ এন অ' চি দিয়াৰ মাজতে উত্তপ্ত পৰিস্থিতি...

author-image
Asomiya Pratidin
New Update
তিতাবৰত মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাৰইৰ এন অ' চি দিয়াৰ মাজতে উত্তপ্ত পৰিস্থিতি...

তিতাবৰত মাইক্ৰফাইনেন্সৰ ঋণ ৰেহাৰইৰ এন অ' চি দিয়াৰ মাজতে উত্তপ্ত পৰিস্থিতি...

ডিজিটেল সংবাদ তিতাবৰঃ ষষ্ঠী পূজাৰ দিনাই তিতাবৰত উত্তপ্ত পৰিস্থিতি। তিতাবৰত এজাক মহিলাই ল'লে ৰুদ্ৰমূৰ্তি। ঋণ থকা মহিলাৰ মাইক্ৰ ফাইনেন্সে ঋণ মাফ কৰি NOC দিয়াক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি।

Advertisment

উল্লেখ্য যে, আজি তিতাবৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যলয়ৰ প্ৰেক্ষাগৃহত বিতৰণ কৰি থকা হৈছিল মাইক্ৰফাইনেন্সৰ NOC। তাৰ মাজতে সচেতন মহিলা মঞ্চই বন্ধ কৰি দিয়ে মাইক্ৰ ফাইনেন্সে ঋণৰ মাফ কৰাৰ NOC বিতৰণৰ কাৰ্যসূচী।

একাংশ মহিলাক ঋণ মাফ কৰাৰ NOC বিতৰণ কৰা সময়ত শ শ মহিলাই টেবুল ঢকীয়াই এক ৰুদ্ৰ মূৰ্তি ধাৰণ কৰে। মহিলাৰ এনে ৰুদ্ৰমূৰ্তি দেখি উজ্জীৱন ,LNT , আৰোহণকে ধৰি বহু কেইবাটাও ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ কৰ্মচাৰী পলাই পত্ৰং দিয়ে।

অতি শীঘ্ৰে সচেতন মহিলা মঞ্চই সকলো মহিলাক ঋণ মাফ কৰাৰ দাবী জনায়। অন্যথা অনাগত দিনত তীব্ৰ প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে।

Also Read: মণিপুৰৰ বিষ্ণুপুৰত সংঘটিত বিস্ফোৰণত জড়িত আন এটা অভিযুক্তক গ্ৰেপ্তাৰ...

তিতাবৰ