/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/dfc8ea6c-11c1-4a92-86f4-84b83d45fa1b/11.jpg)
ডিজিটেল সংবাদ, ৰঙিয়াঃ ৰঙিয়াত শনিবাৰে ভাৰত চৰকাৰৰ যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধিনস্থ নেহৰু যুৱ কেন্দ্ৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠন সমৃদ্ধিৰ সহযোগত নাৰী শক্তি ফিটনেচ ৰাণ শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মহকুমাটোৰ ৰঙিয়া আৰু কমলপুৰ ব্লকত ৰূপায়ণ কৰা উক্ত কাৰ্যসূচীৰ জৰিয়তে মহিলাসকলে কেনেদৰে নিজৰ লগতে পৰিয়ালবৰ্গৰো সু-স্বাস্থ্য অটুট ৰাখিব পাৰে উক্ত বিষয় সন্দৰ্ভত সজাগতা মূলক পদক্ষেপ গ্ৰহণ কৰা হয়।
উদ্যোক্তা সংস্থাটোৰ কামৰূপ জিলা গাণনিক বিষয়া গোপীনাথ দাসৰ তত্বাৱধানত অনুষ্ঠিত উক্ত কাৰ্যসূচীত বিভিন্ন আত্ম সহায়ক গোট তথা স্থানীয় মহিলাসকলে অংশগ্ৰহণ কৰে ।
Also Read: বিহপুৰীয়াত জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন