বিহপুৰীয়াত জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন

প্ৰতিনিধি সভাখনৰ লগে লগেই লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্যজিৎ বৰাই "বুনিয়াদ" নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷

author-image
Asomiya Pratidin
New Update
বিহপুৰীয়াত জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশন

ডিজিটেল সংবাদ, বিহপুৰীয়াঃ লখিমপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয় ৰক্ষী সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনখনি দেওবাৰে দিনজোৰা কায্যসূচীৰে বিহপুৰীয়াৰ ৫ নম্বৰ ৱাৰ্ডস্থিত চন্দ্ৰেশ্বৰ বৰুৱা স্মৃতি বিহপুৰীয়া জাতীয় বিদ্যালয়ত অনুষ্ঠিত হয় ৷ কাৰ্যসুচী অনুসৰি পুৱা লখিমপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সভাপতি যাদৱ বৰুৱাই পতাকা উত্তোলণ সম্পাদিকা মমিতা বৰগোহাঁইয়ে স্মৃতি তৰ্পণ কৰাৰ পাছতেই প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়।

Advertisment

অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সমন্বয়ক অসীম কৃষ্ণ বৰুৱা, অসম জাতীয় বিদ্যালয়ৰ শিক্ষক পঙ্কজ দত্ত আৰু বিশ্বনাথ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক কমল ফুকনে পৰ্যৱেক্ষক হিচাপে উপস্থিত থকা প্ৰতিনিধি সভাতে হেৰম্বপ্ৰসাদ বৰুৱা, চেনীৰাম বৰুৱা, দীপাঞ্জলী দত্ত, চন্দ্ৰকান্ত বৰাক উপদেষ্টা, যাদৱ বৰুৱাক সভাপতি, হিল্লালউদ্দিন চৰকাৰক কাৰ্যকৰী সভাপতি, মমিণ বৰগোঁহাই, দিবাকৰ হাজৰিকাক উপ সভাপতি, ৰাতুল চুতীয়াক সম্পাদক, হিমাংশু তামুলী, চন্দ্ৰন উপাধ্যায়ক সহ সম্পাদক, মনোজ কুমাৰ দাসক সাহিত্য সম্পাদক, তপন গোস্বামীক আলোচনী আৰু মুখপত্ৰ, চাদ্দাম হুছেইন আৰু পুলক শৰ্মাক ক্ৰীড়া সম্পাদক, ভবানী চেতিয়া আৰু জানমনি শইকীয়াক তৰ্ক সম্পাদক, তিলক শইকীয়া, পুতুলী গগৈক সংগীত বিভাগৰ সম্পাদক, ৯ গৰাকী গৰাকীক সাংগঠনিক সম্পাদক, দুগৰাকীক হিচাপ পৰীক্ষক আৰু ৰাজদ্বীপ হাজৰিকাক প্ৰচাৰ সম্পাদক হিচাপে লৈ লখিমপুৰ জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিখন গঠন কৰা হয় ৷

প্ৰতিনিধি সভাখনৰ লগে লগেই লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সত্যজিৎ বৰাই "বুনিয়াদ" নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে ৷ এই কাৰ্যসূচীৰ সমান্তৰালভাৱে শিক্ষক ক্ষিৰোদ বৰাৰ পৰিচালনাত এটি সংগীতানুষ্ঠান অনুস্থিত হয় ৷ উক্ত অনুষ্ঠানত জিলা সমিতিখনৰ অন্তৰ্গত ছাত্ৰছাত্ৰী সকলে গীত-মাত পৰিৱেশন কৰে৷

বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাখন শুভাৰম্ভ কৰে জাতীয় বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়িত্ৰী সকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে ৷ জিলা সভাপতি যাদৱ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাখন উদ্বোধন কৰে চন্দ্ৰেশ্বৰ বৰুৱা স্মৃতি বিহপুৰীয়া জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ সচিব ডা°বিপুল কুমাৰ নেওগে ৷ শিক্ষক মাধৱ চেতিয়াই আতঁ ধৰা সভাখনত নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থকা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সমন্বয়ক অসীম কৃষ্ণ বৰাই অসম জাতীয় বিদ্যালয়ৰ লগতে জাতীয় জীৱনৰ লগত জড়িত বহুকেইটা গুৰুত্বপুৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰি বক্তব্য আগবঢ়াই ৷

শেহতীয়াকৈ নিজকে ভাৰতীয় বুলি পৰিচয় দিবলৈ উঠিপৰি লগা অসমীয়াক সুধাকণ্ঠ ভূপেন হাজৰিকাৰ উদ্ধৃতিৰে এগৰাকী ভাল অসমীয়া হৈও এগৰাকী ভাল ভাৰতীয় হ’ব পাৰি বুলি মন্তব্য কৰে ৷ আনকি তেওঁ মানুহৰ নামৰ পৰিবৰ্তে তেৱঁৰ কৰ্ম আৰু চিন্তাইহে মানুহজনৰ পৰিচয় বুলি উল্লেখ কৰে ৷

সভাত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকে নুনমাটি জাতীয় বিদ্যালয়ৰ সহ শিক্ষক পংকজ দত্ত। লখিমপুৰ জিলা সমিতিখনৰ অন্তৰ্গত ৪৫খন জাতীয় বিদ্যালয়ৰ শিক্ষক প্ৰতিনিধি আৰু স্থানীয় অভিভাৱক আৰু ৰাইজে অংশগ্ৰহণ কৰা সভাত অসম জাতীয় বিদ্যালয়ৰ প্ৰতিনিধিৰ লগতে ধেমাজি জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক দেবানন্দ ফুকনৰ লগতে বিহপুৰীয়া জাতীয় বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ মুকলি সভাত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে গীত পৰিৱেশন কৰে।

Also Read: হাজোত সংখ্যালঘু মহিলাৰ বিজেপিত যোগদান

BIHPURIYA