Advertisment

দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰীয়ে কোনো ফৰ্মেল ৰোড শ্ব' নকৰে। তেঁও পাৰ হৈ যোৱা সময়ত ফুটপাথৰ পৰা ৰাইজে অভিবাদন জনাব : ড০ হিমন্ত বিশ্ব শৰ্মা

author-image
Asomiya Pratidin
New Update
দুদিনীয়া ভ্ৰমণসূচীৰে ৮মাৰ্চত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোডী

ডিজিটেল ডেস্ক : ৰাজ্যত ক্ৰমাৎ গৰম হৈ আহিছে নিৰ্বাচনী বতাহ। তাৰমাজতেই মঙলবাৰে মা কামাখ্যাৰ পবিত্ৰ ভূমিত পদাপৰ্ণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।

Advertisment

সন্ধিয়া ৭-০০বজাত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা পোনে পোনে কইনাধৰালৈ বুলি যাত্ৰা কৰিব প্ৰধানমন্ত্ৰীগৰাকী। জানিব পৰামতে কাইনাধৰাতে নৈশ যাপন কৰিব তেওঁ।

প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণকলৈ ইতিমধ্যে পুৱাৰে পৰা গুৱাহাটীত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। যান-বাহনসমূহৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিৰ্দেশনা। সন্ধিয়া পৰত গধুৰ যান-বাহন তথা বাণিজ্যিক বাহনৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

নলবাৰীত ব্যাপক প্ৰস্তুতি
নলবাৰীত ব্যাপক প্ৰস্তুতি

আনহাতে প্ৰধানমন্ত্ৰীগৰাকী কইনাধৰালৈ যোৱাৰ পৰত ফুটপাথৰ পৰা ৰাইজে অভিবাদন জনাব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। তেঁও কয়- প্ৰধানমন্ত্ৰীয়ে কোনো ফৰ্মেল ৰোড শ্ব' নকৰে। তেঁও পাৰ হৈ যোৱা সময়ত ফুটপাথৰ পৰা ৰাইজে অভিবাদন জনাব।

ইফালে ১৭ এপ্ৰিল বুধবাৰে প্ৰধানমন্ত্ৰী মোডীয়ে নলবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ'বলগীয়া বিশাল জনসভাক সম্বোধন কৰিব। বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ।

নলবাৰীত ব্যাপক প্ৰস্তুতি
নলবাৰীত ব্যাপক প্ৰস্তুতি

উল্লেখ কৰা প্ৰয়োজন যে দুদিনীয়া ভ্ৰমণসূচীৰে আহিব নৰেন্দ্ৰ মোডী। ইতিমধ্যে বিজেপিৰ নেতা-কৰ্মীকে ধৰি কাৰ্যকৰ্তাসকলে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।

Also Read: কানাডাত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত নিহত ভাৰতীয় ছাত্ৰ

Asom Gana Parishad prime minister bjp election LOKSABHA 2024 narendra modi himanta biswa sarma