প্ৰবীণ কৰসেৱক তথা বিজেপি কৰ্মী নৰেন ৰায়ৰ দেহাৱসান

প্ৰবীণ কৰসেৱক তথা বিজেপি কৰ্মী নৰেন ৰায়ৰ দেহাৱসান

author-image
Asomiya Pratidin
New Update
প্ৰবীণ কৰসেৱক তথা বিজেপি কৰ্মী নৰেন ৰায়ৰ দেহাৱসান

ডিজিটেল সংবাদ, চিৰাংঃ বুকুত এভাগ অভিমান লৈ নীৰৱে পৃথিৱীৰ পৰা বিদায় মাগিলে চিৰাং জিলাৰ বাসুগাঁও চহৰৰ প্ৰৱীণ তথা একনিষ্ঠ বিজেপি কৰ্মী নৰেন ৰায় (৭০)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আদৰ্শৰে অনুপ্ৰাণিত নামনি অসমৰ পুৰণি তথা প্ৰবীণ আৰএচএচ আৰু বিজেপি নেতাসকলৰ মাজত অতিকৈ পৰিচিত প্ৰবীণ বিজেপি কৰ্মী সকলোৰে পৰিচিত নৰেন ৰায় বুধবাৰে বাসুগাঁও চহৰৰ ২ নং ওৱাৰ্ডৰ নিজা বাসগৃহত পুৱতি নিশা ৪:০০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ।

Advertisment

অবিভক্ত গোৱালপাৰা জিলাত ভাৰতীয় জনতা পাৰ্টীৰ উত্থানৰ সময়ৰে পৰা এজন ৰাষ্ট্ৰীয় স্বয়ং সেৱক কৰ্মী হিচাপে পৰৱৰ্তীকালত বিজেপি দলৰ হৈ কাম কৰিছিল। ১৯৯২ চনত নামনি অসমৰ চাৰিখন জিলাৰ পৰা একমাত্ৰ কৰসেৱক হিচাপে নৰেন ৰায় উত্তৰপ্ৰদেশৰ ৰামজন্ম ভূমি অযোধ্যাত গৈ সেৱা আগবঢ়াইছিল । দুৰ্ভাগ্যজনক কথা যে তেনে এজন প্ৰবীণ বিজেপি কৰ্মীৰ মৃত্যুৰ পাছত তেখেতৰ বাসগৃহত উপস্থিত নশ্বৰদেহত শ্ৰদ্ধাঞ্জলী দিয়া শেষযাত্ৰাত সহযোগ কৰিবলৈ উপস্থিত নাছিল কোনো এজন বিজেপি নেতা বা কৰ্মী । উপায় বিহীন পৰিয়ালৰ সদস্য আৰু কেইজনমান ওচৰ চুবুৰীয়াৰ সহযোগত প্ৰবীণ বিজেপি নেতা গৰাকীৰ নশ্বৰদেহ শ্মশানত লৈ যাব লগা হয়।

যি বিজেপি দলক জনমানসত লৈ যোৱাৰ কাৰণে নৰেন ৰায়ে অক্লান্ত পৰিশ্ৰম আৰু ত্যাগ স্বীকাৰ কৰিছিল আজি সেই বিজেপিৰ সৰ্বত্ৰে জয় জয় কাৰ থকাৰ সময়তে বিজেপিৰ এজন একনিষ্ঠ প্ৰবীণ কৰ্মী নৰেন ৰায়ক নূন্যতম সহানুভূতি বা শ্ৰদ্ধাঞ্জলী দিয়াৰ সময় উলিয়াব নোৱাৰাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি আলোচিত হৈছে । এসময়ত বাসুগাঁও চহৰৰ অন্যতম পৰিচিত ইউনিক টেইলৰ্চৰ স্বত্বাধিকাৰী নৰেন ৰায় সেই সময়ত নিজৰ জেপৰ ধন খৰচ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু বিজেপি দলৰ দলীয় কাৰ্য্যসূচী অনুষ্ঠিত কৰিছিল। নিজৰ আৰ্থিক স্থিতি বিশেষ সবল নাছিল যদিও বিজেপি দলক জনমানসত প্ৰতিষ্ঠা কৰিবলৈ নিজৰ আদৰ্শৰ সৈতে কেতিয়াও আপোচ কৰা নাছিল ।

তেখেতৰ নেতৃত্বতে ১৯৯৭ চনত বাসুগাঁও নগৰ সমিতিৰ পৌৰ নিৰ্বাচনত দুটা ওৱাৰ্ডত বিজেপি দলৰ প্ৰাৰ্থীক বিজয় সাব্যস্ত কৰিছিল। ৯০ দশকত বিভিন্ন উগ্ৰপন্থী সংগঠনৰ ভয় ভাবুকি প্ৰদান কৰাৰ পিছতো নৰেন ৰায় একনিষ্ঠ প্ৰচেষ্টাতে আৰু কেৰেলাৰ পৰা অহা আৰএছএছ কৰ্মীৰ সহযোগত বাসুগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত পোনপ্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাখা স্থাপিত হৈছিল । সেইজন বিজেপি নেতা সুদীৰ্ঘ ১২ বছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ প্ৰথমে কলকাতা তাৰ পিছত হৰিদ্বাৰত আয়ুৰ্বেদিক চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল । আৰ্থিক দৈন্যতাৰ মাজতো থাকি নিজৰ চিকিৎসাৰ বাবে কেতিয়াও কাৰো ওচৰত যোৱা নাছিল স্বাভিমানী নৰেন ৰায় ।

উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা বিভিন্ন ৰোগত আক্ৰান্ত হোৱা নৰেন ৰায় বিগত দুমাহ ধৰি শয্যাগত অৱস্থাত আছিল । এই সময়ছোৱাত তেখেতৰ স্বাস্থ্য বুজ লবলৈ পুৰণি দুই এজন মহিলা বিজেপি কৰ্মীৰ বাহিৰে কোনো বিজেপি নেতা তেখেতৰ স্বাস্থ্যৰ তেখেতৰ স্বাস্থ্যৰ বুজ লৱলৈ অহাও নাই বা কোনো ধৰনৰ আৰ্থিক সাহাৰ্য্য কৰা নাই বুলি আক্ষেপৰ সৈতে অভিযোগ কৰে নৰেন ৰায়ৰ পত্নী সীতা ৰায়ে ।

মৃত্যুৰ সময়ত নৰেন ৰায়ে পত্নী, একমাত্ৰ বিবাহিতা কন্যা,পুত্ৰ, জোঁৱাই আৰু নাতিক সংসাৰত এৰি থৈ যায় । লক্ষ্যনীয় বিষয় যে আজি পুৱা ৯ বজাত অৰ্থ্যাৎ শ্মশানত লৈ যোৱাৰ পিছত খবৰ লাভ কৰি চিৰাং জিলা বিজেপিৰ সভাপতি সহ কেইজনমান নেতা কৰ্মীয়ে নৰেন ৰায় নশ্বৰদেহত দলীয় পতাকা দি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। নৰেন ৰায়ৰ এই মৃত্যু আৰু তাৰ পিছত সৃষ্টি হোৱা পৰিস্থিতিৰ খবৰ লাভ কৰি পুৰণি তথা প্ৰৱীণ বিজেপি কৰ্মী সকলে আক্ষেপ প্ৰকাশ কৰি কয় যে নৰেন দাৰ সৈতে এনেকুৱা হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ।

Also Read: প্ৰথমে কিশোৰীক অপহৰণ, পাছত পেলাই থৈ গ'ল পদূলিত, গ্ৰেপ্তাৰ দুজন

naren rai rrs bjp