প্ৰথমে কিশোৰীক অপহৰণ, পাছত পেলাই থৈ গ'ল পদূলিত, গ্ৰেপ্তাৰ দুজন

প্ৰথমে কিশোৰীক অপহৰণ, পাছত পেলাই থৈ গ'ল পদূলিত, গ্ৰেপ্তাৰ দুজন

author-image
Asomiya Pratidin
New Update
প্ৰথমে কিশোৰীক অপহৰণ, পাছত পেলাই থৈ গ'ল পদূলিত, গ্ৰেপ্তাৰ দুজন

ডিজিটেল ডেস্কঃ হোলীৰ দিনা মহানগৰীৰ কাহিলিপাৰাত সংঘটিত হৈছিল এক অপহৰণ কাণ্ড। জনকপুৰৰ পৰা দুৰ্বৃত্তই উঠাই নিছিল দুগৰাকী কিশোৰী। পাছত সন্ধিয়া নিজ ঘৰৰ পদূলিতে অচেতন অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰী দুগৰাকী। নিচাযুক্ত দ্রব্য খুৱাই কিশোৰী দুগৰাকীক পেলাই থৈ যোৱাৰ সন্দেহ।

Advertisment

দুই কিশোৰীক ভৰ্তি কৰোৱা হৈছে GMCHত। ঘটনা সন্দৰ্ভত ভগদত্তপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰলোকে। গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে দুজন যুৱকক। ।যুৱক কেইজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে।

গ্ৰেপ্তাৰ কৰা যুৱক দুজন ৰাজু আলী আৰু মণ্ডল আলী বুলি জানিব পৰা গৈছে। আন এজন অভিযুক্ত ইনামূল আলী পলাতক অৱস্থাত আছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।

Also Read: ধন আৰু মন...

Assam police