/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/e4c981c4-df56-46eb-a25d-6b9d2e47693f/yyy.jpg)
ডিজিটেল সংবাদ,বিহপুৰীয়া : নাৰায়ণপুৰৰ পানবাৰী দলনিত দুস্কৃতিকাৰীৰ দ্বাৰা বিভিন্ন প্ৰজাতিৰ পক্ষী হত্যা কৰা ঘটনাই প্ৰকৃতিপ্ৰেমী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ বিহপুৰীয়া নাৰায়ণপুৰ ৰাজ্যিক ঘাইপথৰ নিচেই কাষত অৱস্থিত জৈৱ বৈচিত্ৰ্যৰে ভৰপুৰ পানবাৰী দলনিত স্থানীয় তথা পৰিভ্ৰমী পক্ষী সমুহক একাংশ দুস্কৃতিকাৰীয়ে হত্যা কৰি আহিছে যদিও এইক্ষেত্ৰত বন বিভাগে নিৰ্বিকাৰ ভুমিকা গ্ৰহণ কৰি আহিছে ৷
সোমবাৰে দলনী খনত এজন কিশোৰে এটা বগলী আৰু কনামুচৰিক হত্যা কৰিবলৈ প্ৰচেষ্টা চলোৱা প্ৰত্যক্ষ কৰে বিহপুৰীয়াৰ দুই সাংবাদিক জগত বৰা( প্ৰতিদিন ডিজিটেল,প্ৰতিদিন টাইম) আৰু সঞ্জীৱ দত্ত( নিয়মীয়া বাৰ্তা,Dy 365)ই ৷ সাংবাদিক দুগৰাকীয়ে কৌশলেৰে কিশোৰজনৰ কবলৰ পৰা পক্ষী দুটাক উদ্ধাৰ কৰে ৷
সাংবাদিক দ্বয়ে ভৱিষ্যতে কিশোৰজনক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ বুজনি দি আহত পক্ষী দুটাক নাৰায়ণপুৰস্থিত পশু চিকিৎসালয়ত ভৰ্তি কৰায় ৷ পৰবৰ্তী সময়ত সাংবাদিক দ্বয়ে বিহপুৰীয়া খণ্ড বন বিষয়াৰ লগত যোগাযোগ কৰি পক্ষী দুটিক পশু চিকিৎসকৰ দ্বাৰা বন বিভাগক চমজাই দিয়ে ৷
উল্লেখযোগ্য যে মানুহৰ অত্যাচাৰত ক্ৰমাৎ সংকুচিত হৈ পৰা পানবাৰী দলনী সংৰক্ষণৰ বাবে বিভিন্ন সময়ত একাংশ প্ৰকৃতিপ্ৰেমীয়ে চৰকাৰ প্ৰশাসনক আহ্বান জনাই অহাৰ সময়তে জৈৱবৈচিত্ৰৰে ভৰপুৰ দলনী খন অস্তিত্বৰ সংকটত পৰাত স্বাভাৱিকতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ স্থানীয় প্ৰকৃতিপ্ৰেমী সকলে সাংবাদিক দ্বয়ৰ এই প্ৰচেষ্টাৰ শলাগ লৈছে ৷
আৰু পঢ়ক: কৰ্মচাৰীৰ দৰমহাৰ পৰা বাল্য বিবাহলৈ! কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত...