
ডিজিটেল ডেস্ক: সোমাবাৰে অনুষ্ঠিত হয় ৰাজ্যৰ কেবিনেট বৈঠক। ইয়াৰ অন্তত দিছপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে জনায়। তলত সৱিশেষ উল্লেখ কৰা হ'ল-
বছৰি ৩% কৈ বৃদ্ধি পাব কেজুৱেল কৰ্মচাৰীৰ দৰমহা।
১৩,৪০০ কৰ্মচাৰীয়ে পাব এই সুবিধা।
অসমত বৃদ্ধি পাইছে বাল্য বিবাহৰ ঘটনা।
সংবাদমেলত বাল্য বিবাহৰ তথ্য প্রকাশ মুখ্যমন্ত্রীৰ।
কম বয়সত মাতৃত্বৰ বোজা লৈছে বহু যুৱতীয়ে।
NFHSৰ সমীক্ষাৰ ভিত্তিত তথ্য প্রকাশ মুখ্যমন্ত্রীৰ।
দৰঙত ১৬ শতাংশ বৃদ্ধি বাল্য বিবাহৰ ঘটনা।
কামৰূপত ১৫%, হোজাইত ১১%, ধুবুৰীত ২২%।
দক্ষিণ শালমাৰাত ২২% বৃদ্ধি বাল্য বিবাহৰ ঘটনা।
১৪-১৮ বছৰৰ ভিতৰত বিয়া কৰালে ৰুজু কৰা হ’ব গোচৰ।
POCSO আইনৰ অধীনত ৰুজু কৰা হ’ব গোচৰ।
বিবাহ কৰোৱা যুৱকক বিহা হ’ব কাৰাদণ্ড।
ৰাজ্যজুৰি আৰক্ষীক অভিযান চলোৱাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।
অভিযুক্ত কাজি,পুৰোহিত,অভিভাৱকৰ ক্ষেত্রতো গ্রহণ কৰা হ’ব ব্যৱস্থা।
১৫ দিনৰ ভিতৰত ৰাজ্যজুৰি আৰক্ষীয়ে চলাব অভিযান।
বাল্য বিবাহ ৰোধৰ ক্ষেত্রত জড়িত কৰা হ’ব পঞ্চায়তকো।
আৰু পঢ়ক: ইতিহাসবিদ ড০ সূৰ্য্য কুমাৰ ভূঞাৰ জন্মদিৱস উপলক্ষে কটন বিশ্ববিদ্যালয়ত বিশেষ অনুষ্ঠান