মৰিকলংৰ সমাজ সচেতন ব্যক্তি নাৰায়ণ শইকীয়াৰ বিয়োগ

মৰিকলংৰ সমাজ সচেতন ব্যক্তি নাৰায়ণ শইকীয়াৰ বিয়োগ

ডিজিটেল সংবাদ ,বেবেজীয়াঃ নগাঁও জিলাৰ মৰিকলং নিৱাসী সমাজ সচেতন ব্যক্তি নাৰায়ণ শইকীয়া (৮৮) ৰ বুধবাৰে নিশা প্ৰায় ১০:৩০ বজাত বাধক্যজনিত কাৰণত নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি হয় । বৃহত্তৰ মৰিকলং অঞ্চলতে এজন সমাজ সচেতন,মৃদুভাষী,অমায়িক,পৰোপকাৰী ব্যক্তি হিছাপে সৰ্বত্ৰে পৰিচিত প্ৰয়াত নাৰায়ণ শইকীয়া এজন অবিবাহিত লোক আছিল ৷

তেওঁ অঞ্চলৰ সৰু-বৰ সকলো লোকৰে লগত সমানে মিলিব পৰা এজন সহজ-সৰল,অমায়িক প্ৰকৃতিৰ লোক আছিল । বিশেষকৈ মৰিকলং অঞ্চলৰ বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়াশুনা দিশত বিশেষ খবৰ ৰাখি ছাত্ৰ ছাত্ৰীসকলক জীৱন বাটত আগুবাই যাবলৈ অনুপ্ৰেৰণা যোগাইছিল ৷

অঞ্চলৰ উঠি অহা প্ৰজন্মক ভাল ভাল দিহা- পৰামৰ্শ প্ৰদান কৰি তেওঁ মনত আনন্দ লাভ কৰিছিল। নিজে অবিবাহিত হ'লেও আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী হ'ব পৰা এজন বহল অন্তৰৰ প্ৰকৃত লোক আছিল ৷

ওৰেটো জীৱন আনৰ ভাল চিন্তা তথা মংগল কামনা কৰি নতুন প্ৰজন্মক বিপথগামী কামত আগবাঢ়ি নাযাবলৈ পৰামৰ্শ আগবঢ়াই আহিছিল ৷ প্ৰয়াত শইকীয়াই মৃত্যুৰ সময়ত এজন ভাতৃ,এগৰাকী নবৌয়েক,ভাই বোৱাৰী,কেইবাজনো ভতিজাৰ লগতে অনেক শুভাকাংক্ষী-আত্মীয়ক ইহসংসাৰত এৰি থৈ গৈছে ৷

সৰবৰহী লোকজনৰ মৃত্যুত সমগ্ৰ মৰিকলং অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে ৷ স্মৰ্তব্য এই যে বৃদ্ধ পেঞ্চনপ্ৰাপ্ত প্ৰয়াত শইকীয়াই মৃত্যুৰ কেইদিনমান আগত নিজৰ বেংক একাউণ্টৰ পৰা মৃত্যুৰ পাছত নিজৰ নশ্বৰ দেহ সৎকাৰ কৰিবলৈ চুবুৰীয়াৰ এজন লোকৰ হাতত সাচতীয়া কেইটামান ধন বেংকৰ পৰা উলিয়াই দি যোৱা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। এই কাৰ্যৰ দ্বাৰাই অনুমান কৰিব পাৰি তেঁওৰ অন্তৰৰ বিশালতা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in