/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/46257140-6cd9-42c3-80ae-592c02f61a80/naojan.jpg)
naojan
ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ অসমত যুক্তিবাদী আন্দোলনৰ বাটকটীয়া হেমচন্দ্ৰ বৰুৱাৰ জন্মদিন ১০ ডিচেম্বৰ তাৰিখটো ইলোৰা বিজ্ঞান মঞ্চই “ অন্ধবিশ্বাস আৰু কু-সংস্কাৰ বিৰোধী দিৱস “ হিচাপে পালন কৰি আহিছে। এই উপলক্ষে ইলোৰা বিজ্ঞান মঞ্চৰ ধনশিৰি শাখাই নাওজানৰ অলিম্পিক ইংলিছ হাইস্কুলৰ সহযোগত এই দিৱসটো পালন কৰে।
নাওজানৰ চৰিখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা উক্ত দিৱসত আদৰণি ভাষণ প্ৰদান কৰে অলিম্পিক ইংলিছ হাইস্কুলৰ অধ্যক্ষ মইনুল ইছলামে। শাখাৰ সম্পাদক ড০ নয়নমণি মেধিয়ে আঁতধৰা এই অনুষ্ঠানত সমাজত প্ৰচলিত অন্ধবিশ্বাস আৰু কু-সংস্কাৰসমূহ নিৰ্মূলকৰণৰ উপায় সম্পৰ্কত মুকলিভাৱে মত বিনিময় কৰে।
ইয়াত কেইবাগৰাকীও ছাত্ৰ–ছাত্ৰীয়ে ভাগ লয়। শাখা সভাপতি বুধিন ফুকনে চমু বক্তব্য আগবঢ়ায়। নাওজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ভাস্কৰ গগৈয়ে ইলোৰা বিজ্ঞান মঞ্চৰ গীতটো সুললিত কণ্ঠেৰে পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/dcffca5d-7361-4dd8-b6ca-5f7a3b510878/99.jpg)
আৰু পঢ়ক : ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গ্ৰন্থাগাৰ দান প্ৰাক্তন ছাত্ৰৰ...