/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/2966840f-bd64-425c-97cf-ccf66f67568e/dha2.jpg)
dhakuakhana
ডিজিটেল সংবাদ, ঢকুৱাখনা : শিক্ষানুষ্ঠান আৰু গ্ৰন্থাগাৰ দুটা অত্যাৱশ্যকীয় উপাদান। বিদ্যায়তনিক ক্ষেত্ৰখনৰ পুৰঠ জ্ঞান আহৰণত শিক্ষাৰ্থী সকলক একক আৰু অন্যন্য অৱদান আগবঢ়াই অহা এই গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা আৰু প্ৰাসংগিকতা দোহাৰি শনিবাৰে এক প্ৰশংসনীয় আৰু অনুকৰণীয় পদক্ষেপ গ্ৰহণ কৰে ঢকুৱাখনাৰ একাংশ প্ৰাক্তন ছাত্ৰই।
ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯২ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ প্ৰাক্তন ছাত্ৰ সকলে নিজা সঞ্চিত আৰু সংগৃহীত প্ৰায় ৩ লাখ পুঁজিৰে এটা পকী গ্ৰন্থাগাৰ নিৰ্মাণ কৰি শনিবাৰে বিদ্যালয়ৰ ব্যৱহাৰৰ বাবে আনুষ্ঠানিক ভাৱে উৎসৰ্গা কৰে।
বিদ্যালয়ৰ চৌহদত ১৯৯২ বর্ষৰ প্ৰাক্তন ছাত্ৰ সকলে আটক ধুনীয়াকৈ প্ৰায় ২৪ ফুট আৰু ২৮ ফুট দীৰ্ঘ প্ৰস্থৰে নিৰ্মাণ কৰি উলিয়াই এটা পকী গ্ৰন্থাগাৰ গৃহ। ছাত্ৰ সকলৰ উপাৰ্জিত অৰ্থানুদানেৰে বিগত এটা বৰ্ষৰ পূৰ্বে নিৰ্মাণ আৰম্ভ কৰা পকী গ্ৰন্থাগাৰটোৰ সম্পূৰ্ণ কৰি শনিবাৰে শুভ উন্মোচন কৰা হয়।
বিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ সভাত গ্ৰন্থাগাৰটোৰ মুখ্যদ্বাৰৰ ফিটা কাটি উন্মোচন কৰে বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত সহকাৰী শিক্ষক তৰুণ চন্দ্ৰ শৰ্মাই। বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ, প্ৰাক্তন অধ্যক্ষ চেনিৰাম বৰুৱা, লিখন চন্দ্ৰ বৰগোঁহাই, কেশৱ গগৈ, বিদ্যালয়ৰ গৰিষ্ঠ সংখ্যক শিক্ষক শিক্ষাৰ্থী, কৰ্মচাৰী , পৰিচালনা আৰু উন্নয়ন সমিতিৰ বিষয়ববীয়া আৰু মহানুভৱী প্ৰাক্তন ছাত্ৰ সকলৰ উপস্থিতিতে এখন স্মৃতি পত্ৰিকা উন্মোচন কৰে বিদ্যালয়খনৰ অৱসৰী সহকাৰী শিক্ষক পৰম শংকৰ দত্তই।
প্ৰাক্তন ছাত্ৰ অসীম সন্দিকৈ আৰু শৈলেন বৰুৱাই আঁত ধৰা অনুষ্ঠানত উদ্বোধক তৰুণ শৰ্মা , উন্মোচক পৰম শংকৰ দত্ত আৰু অধ্যক্ষ কল্পনা গগৈ, প্ৰাক্তন ছাত্ৰ ডাঃ সীমান্ত কোঁৱৰ, শৈলেন বৰুৱাই চমু বক্তব্য আগবঢ়ায় ।
উদ্বোধনী সভাতেই গ্ৰন্থাগাৰটোলৈ বিদ্যালয়ৰ শিক্ষক ,শিক্ষাৰ্থী সকলৰ লগতে প্ৰাক্তন ছাত্ৰ সকলৰ তৰফৰ পৰা প্ৰায় দুই শতাধিক মূল্যবান গ্ৰন্থৰ উপৰিও বহু কেইটা "বুক চেল্ফ" দানসূত্ৰে আগবঢ়োৱা হয় । বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ সকলৰ এনে ব্যতিক্ৰমী পদক্ষেপৰ একেমুখে শলাগ লৈছে শিক্ষাব্রতী ৰাইজে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/dad09433-e0a1-4797-999e-ed958c53fedd/77.jpg)