নদুৱাৰ সমষ্টিত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা

জামুগুৰিহাটৰ ইটাখোলাত ১৮ কোটি টকাৰ তিনিখন আঁচনি নিৰ্মাণৰ শুভউদ্বোধন
নদুৱাৰ সমষ্টিত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ অসম চৰকাৰৰ শক্তি,ক্ৰীড়া ও যুৱকল্যান বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই মঙ্গলবাৰে বিয়লি নদুৱাৰ সমষ্টিৰ ইটখোলাৰ শ্ৰীমন্ত শঙ্কৰদেৱ ভৱনত উপষ্ঠিত হৈ ১৮কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগা তিনিখন আঁচনিৰ শুভ উদ্বোধন কৰে ৷

সমষ্টিটোৰ বিভিন্ন প্ৰান্তত লোকনিৰ্মা বিভাগৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া আঁচনিসমুহৰ ভিতৰত পানপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়, ৰঙাচকুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তগাঁঠনি উন্নয়ন আৰু দিকৰাই চাহবাগিছাৰ জগন্নাথ সামুহিক কেন্দ্ৰ নিৰ্মাণ কাৰ্য্যৰ শুভউদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে ৷ বৃহৎ পূঁজি ব্যয়ৰে নিৰ্মাণ কৰিব লগা আচঁনি সমুহ নিখুটভাৱে সমাপন কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে বক্তব্য প্ৰদান কৰে ৷ মন্ত্ৰী গৰাকীক আদৰনী জনায় নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই৷

নদুৱাৰ সমষ্টিত শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচা
অৱসৰ প্ৰাপ্ত আৰক্ষী, সমাজকৰ্মী ভৈৰৱ হাজৰিকাৰ মৃত্যুত শোক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in