নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ ২০২৩ বৰ্ষৰ 'গুণ মহন্তদেৱ বঁটা' ঘোষণা

নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ ২০২৩ বৰ্ষৰ 'গুণ মহন্তদেৱ বঁটা' ঘোষণা

এক গাম্ভীৰ্য পৰিৱেশৰ মাজেৰে সাংবাদিক তথা লেখিকা মাইনী মহন্তলৈ এই বঁটা প্ৰদান কৰা হ'ব

ডিজিটেল ডেস্ক : বিশিষ্ট সাংবাদিক তথা মাহেকীয়া আলোচনী নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ 'গুণ মহন্তদেৱ বঁটা' ঘোষণা কৰা হয়। নগাঁৱৰ শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ তত্ত্বাৱধানত সাংবাদিক মাইনী মহন্তলৈ এই বঁটা আগবঢ়োৱা হ'ব।

এই বঁটাটি মূলতঃ বিশিষ্ট শিল্পী প্ৰয়াত গুণ মহন্তৰ পবিত্ৰ স্মৃতিত প্ৰদান কৰা হয়। সেয়ে অহা ২৭ আগষ্টত শিল্পীগৰাকীৰ পঞ্চম মৃত্যু তিথি উপলক্ষে এক গাম্ভীৰ্য পৰিৱেশৰ মাজেৰে সাংবাদিক তথা লেখিকা মাইনী মহন্তলৈ এই বঁটা প্ৰদান কৰা হ'ব।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে 'গুণ মহন্তদেৱ বঁটা' ৰাজ্যৰ ভালেকেইগৰাকী নমস্য ব্যক্তিলৈ আগবঢ়োৱা হৈছিল। সাংবাদিক মুকুল দাস,জ্যেষ্ঠ অধিবক্তা নিৰঞ্জন শৰ্মা,আৰক্ষী বিষয়া নন্দসিং বৰক'লা আৰু অসমৰ জনপ্ৰিয় শিল্পী চেতনা দাসক বিগত বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল।

নন্দিনীৰ সম্পাদক মাইনী মহন্তলৈ ২০২৩ বৰ্ষৰ 'গুণ মহন্তদেৱ বঁটা' ঘোষণা
বৰ্ণাঢ্য কাৰ্যসূচীৰে গোলাঘাট চাহ মজদুৰ সংঘৰ মহাৰজত জয়ন্তী উদযাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in