/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/7b167aab-ed55-4962-993c-d40195f0824e/sah.jpg)
ডিজিটেল সংবাদ,গোলাঘাট : অসম চাহ মজদুৰ সংঘ, গোলাঘাট শাখাৰ বয়স ৰাজ্যিক পৰ্যায়ত যদিও ৬৬ বছৰ হ'ল কিন্তু জিলা ভিত্তিত গোলাঘাট শাখাৰ সংঘৰ বয়স ৭৫ বছৰ হ'ল। সেয়ে শাখাই ৰাজ্যিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট শাখাই বৰ্ণাঢ্য কাৰ্যসূচীৰে ৭৫ বছৰীয়া মহাৰজত জয়ন্তী উদযাপন কৰে।
এই উপক্ষে পুৱা ৯ বজাত পতাকা উত্তোলন কৰে প্ৰতিষ্ঠাকালৰ প্ৰাক্তন উপ- সভাপতি লক্ষেশ্বৰ তাঁতীয়ে আৰু সহযোগ কৰে বৰ্তমানৰ সভাপতি পবিত্ৰ জালে। স্মৃতি তৰ্পণ কৰে সম্পাদক ঘনশ্যাম বাঢ়ৈয়ে । এই অনুষ্ঠানত ৮৫ খন চাহ বাগিছাৰ পৰা অহা প্ৰায় ২৫ শতাধিক প্ৰতিনিধিয়ে বিশাল সাংস্কৃতিক শোভাযাত্ৰা কৰি গোলাঘাট নগৰ পৰিভ্ৰমণ কৰে।
মুকলি সভাত সভাপতিত্ব কৰে সংঘৰ স্থায়ী সভাপতি পবিত্ৰ জালে। সভাত চাহ বাগিছাৰ প্ৰাথমিক সংঘক প্ৰতিনিধিত্ব কৰি বৰ্তমান অৱসৰ লোৱা একালৰ নিষ্ঠাবান ১৫২ জন সংঘৰ কৰ্মীক সন্মানসহ সম্বৰ্ধনা জনোৱা হয়।
সভাৰ আদৰণি ভাষণ প্ৰদান কৰে সংঘৰ যুটীয়া সম্পাদক মুনীন গৌতম চাওঁৰাই । বিশিষ্ট অতিথি হিচাপে খুমটা চাহ বাগিছাৰ পৰা প্ৰকাশিত সংবাদ পত্ৰ 'জননী বাৰ্তা'ৰ মুখ্য সম্পাদক, সাহিত্যিক পেঞ্চনাৰ মাখন লাল বাঢ়ৈ, শিল্পী পেঞ্চনাৰ ডিকা গোৱালা,জ্যেষ্ঠ সমাজকৰ্মী বেণী গোৱালা,সমাজকৰ্মী বলোৰাম কুৰ্মী, বৃটিছৰ আমোলত থকা চাহ বাগিছাৰ প্ৰাক্তন সভাপতি লক্ষেশ্বৰ তাঁতী,অসম চাহ কৰ্মচাৰী সংঘৰ সম্পাদক মুকুট বৰঠাকুৰ,অসম চাহ বাগিচা ভৱিষ্য নিধিৰ গোলাঘাট জিলাৰ আয়ুক্ত আৰু কেইবাজনো সমাজকৰ্মী ব্যক্তি উপস্থিতি থাকে।
গোলাঘাট শাখাৰ সম্পাদক ঘনশ্যাম বাঢ়ৈয়ে বক্তব্যত গোলাঘাট শাখাৰ ৭৫ বছৰীয়া ইতিহাসৰ সন্দৰ্ভত বিস্তৃতভাৱে সংঘৰ অৱদানৰ বিষয়ে আলোকপাত কৰে। তেওঁ চাহ বাগিছাৰ সকলো দিশতে শ্ৰমিক ৰাইজক সজাগ হ'বলৈ কাতৰ আহ্বান জনায়।
তেওঁ কয় ২০০ বছৰ হোৱা অসমলৈ অহা চাহ শ্ৰমিক সকলক বৃটিছে নিজৰ অধীনত ৰাখে আৰু গোলামীৰে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য কৰাইছিল । কিন্তু ১২৫ বছৰ পিছত চাহ বাগিছাৰ কেইজনমান শিক্ষিত সচেতন ব্যক্তিৰ অশেষ কষ্ট,শ্ৰম আৰু ত্যাগৰ ফলত অসম চাহ মজদুৰ সংঘ নামেৰে এটি সংগঠন আজিৰ দিনতে প্ৰতিষ্ঠা কৰা হয় আৰু বৃটিছৰ আমোলাৰ পৰা মুক্ত কৰে।
সেইবাবে আজিৰ দিনটো চাহ শ্ৰমিক সকলৰ আনন্দ উৎসৱৰ দিন। সম্পাদক বাঢ়ৈয়ে ১১ আগষ্টত প্ৰস্তাৱিত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীৰ বিষয়ে কৈ এই কাৰ্যসূচী সফল কৰিবলৈ আহ্বান জনায়। সাহিত্যিক পেঞ্চনাৰ মাখন লাল বাঢ়ৈয়ে ভাষণত কয়- পৃথিৱীত শিক্ষাৰ অবিহনে গত্যন্তৰ নাই গতিকে শ্ৰমিক ৰাইজক শ্ৰম কৰাৰ সমান্তৰালকৈ শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। জিলাখনৰ ৮৫ খন চাহ বাগিছাৰ প্ৰায় ৩ হাজাৰ শ্ৰমিক ৰাইজ উপস্থিতি থাকে।
Also Read: ফুলনি নগৰ বাছ আস্থানত মৃতদেহ উদ্ধাৰ