নামৰূপত ভয়ংকৰ অগ্নিকাণ্ড

নামৰূপত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ, নামৰূপঃ বুধবাৰে নিশা প্ৰায় বাৰ বজাত নামৰূপ সোণাৰী তিনিআলিৰ সাহিত্য সভা প্ৰেক্ষাগৃহ ৰ চৌহদত থকা ব্যৱসায় প্ৰতিষ্ঠানসমূহত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ফলত পাঁচ খনকৈ দোকান জ্বলি ভস্মীভূত হযয়।

অগ্নিকাণ্ড চৰ্ট চাৰ্কিত হৈ সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। ইয়াৰে প্ৰায় তিনিখন দোকান প্ৰায় ৮০ শতাংশই ভষ্মীভূত হয়। ক্ষতিগ্ৰস্ত দোকানসমূহৰ ভিতৰত পণ্ডিত ইলেকট্ৰিকট্ৰণিকচ, বিজয় কমিউনিকেশ্বন চেন্টাৰ,. নামৰূপ জুৱেলাৰী, এটি কলি দুটি পাত, ৰাতুল অপটিকেল আৰু লক্ষ্য চিল্ক । নিশা প্ৰায় বাৰ বজাত জুই দেখি প্ৰত্যক্ষ দৰ্শীয়ে তৎক্ষণাৎ দোকানৰ স্বতাধিকাৰী সকলক খবৰ দিয়াত চাৰিওফালে হুৱাদুৱা লাগে।

লগে লগে বি ভি এফ চি এল ,অসম পেট্ৰ কেমিকেলচ ,আৰু নাহৰকটীয়াৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অতি কম সময়ৰ ভিতৰতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ প্ৰায় দুঘণ্টা সময় যুঁজি জুই নুমুয়ায়। অৱশ্যে তিনিখন দোকানৰ প্ৰায় আশী শতাংশ জ্বলি নিঃশেষ হয়।

নামৰূপত ভয়ংকৰ অগ্নিকাণ্ড
'নিভাঁজ'ত ভেজাল মানুহ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in