/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/b0740633-6015-4751-b75a-1de76e580952/Protest_nam.jpg)
ডিজিটেল সংবাদ, নামৰূপঃ "জোৰ পুৰি হাত পালেহি। এতিয়া কোন আছু, কোন যুৱ-ছাত্ৰ, কোন কংগ্ৰেছ, কোন বিজেপি ভাবিবলৈ সময় নাই। ৰাইজ নামৰূপ সাৰ কাৰখানা ৰক্ষা কৰিবলৈ মাৰ বান্ধি ওলাই আহক।"- সংসদত নামৰূপ সাৰ কাৰখানা বন্ধ হোৱাৰ বিষয়টো উত্থাপন হোৱাৰ পিছত শনিবাৰে বিয়লি নামৰূপৰ সোণাৰী তিনিআলিত শতাধিক ৰাইজ ওলাই আহি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীত এইদৰে আহ্বান জনাই যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই।
এই কাৰ্যসূচীত ব্যৱসায়ীসকলে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি অংশগ্ৰহণ কৰে। ইফালে পুৱাৰ ভাগটো নামৰূপ আছু, ফাৰটিলাইজাৰ শ্ৰমিক ইউনিয়ন, ওৱাৰকাৰ্ছ ইউনিয়নৰ বিষয়ববীয়াসকলে উদ্যোগটোৰ মুখ্য প্ৰৱেশদ্বাৰত প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে। লক্ষণীয় যে, দেশৰ প্ৰতিখন সংসদৰ অধিৱেশনত নামৰূপ সাৰ কাৰখানাক লৈ প্ৰশ্ন উত্থাপন কৰা হয় আৰু প্ৰতিবাৰেই ঋণাত্মক বার্তা প্ৰদান কৰি কেন্দ্ৰীয় চৰকাৰৰ যে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি তিল মানো সহানুভূতি নাই তাকেই প্ৰমাণ কৰিছে বুলি প্ৰতিবাদকাৰীয়ে মত প্ৰকাশ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/6b0d3587-d97e-4e7e-9ec9-93f3f111380c/c41e3a2e_54a0_47b6_85f7_c39342d572f4.jpg)
প্ৰায় ছয়, সাত বছৰৰ পিছত নামৰূপ সাৰ-কাৰখানাই সকলো দিশতে এক ধনাত্মক দিশত গতি কৰি বিগত বিত্তীয়বৰ্ষত (২০২২-২৩ চনত ) ২৪কোটি টকা লাভ কৰিবলৈ সমৰ্থ হৈছে, তেনে প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰে উদ্যোগৰ সন্দৰ্ভত পৰ্যবেক্ষন আৰু অধ্যয়ন নকৰাকৈ বি ভি এফ চি এলৰ সন্দৰ্ভত নিৰাশাজনক মন্তব্য প্রদান কৰি যোৱাত ক্ষোভ স্থানীয় ৰাইজৰ। লক্ষণীয় যে, ২০০৬ চনত বি ভি এফ চি এলৰ চতুৰ্থ গোট স্থাপন হোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পিছৰে পৰা বিগত ১৭বছৰে উদ্যোগটোক লৈ প্ৰতিখন চৰকাৰে ক্ৰমে আশ্বাস পৰৱৰ্তী পৰ্যায়ত অশুভ বাৰ্তা প্ৰদান কৰি গৈছে কেন্দ্ৰীয় চৰকাৰে।
১৯৯৬ চনটো তদানীন্তন চৰকাৰে সাৰ মন্ত্ৰনালয়ৰ অন্তৰ্গত বহু কেইটা সাৰ উদ্যোগ নামৰূপৰ হিন্দুস্তান ফাৰটিলাইজাৰৰ লগতে বাৰাউনি, সিন্দ্ৰী আদিত থকা উদ্যোগ কেইটাত বিনিয়োগ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি বন্ধৰ ঘোষণা কৰিছিল। কিন্তু সেই সময়ত নামৰূপৰ দল সংগঠন আৰু উদ্যোগটোৰ ইউনিয়ন কেইখনৰ তীব্ৰ প্ৰচেষ্টাত নামৰূপ সাৰ কাৰখানা এইচ এফ চি এলৰ পৰা পৃথক হৈ স্বতন্ত্ৰভাবে ব্ৰহ্মপুত্ৰ ভেলি ফাৰটিলাইজাৰ হৈ পৰিল। তাৰ পিছতে সিন্দ্ৰীৰ ৰামাকুণ্ডম, বাৰাউনি সাৰ উদ্যোগ কেইটা নমিনেশ্বন প্ৰক্ৰিয়াৰে পুনৰুজীৱিকৰণ কৰিলে চৰকাৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2e809db9-36d9-4ac7-8722-8696e64a617b/7113380a_3386_4a80_abd8_a2276078aba9.jpg)
ইয়াৰ বিপৰীতে নামৰূপ সাৰ কাৰখানাৰ প্ৰতি চৰকাৰে কোনো সহৃদয়তা নেদেখুৱালে। বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত প্রধানমন্ত্ৰী হিচাবে নৰেন্দ্ৰ মোদীয়ে শপতগ্ৰহণ কৰাৰ পাছতেই ২০১৫ চনৰ ২১ মে'ত অনুষ্ঠিত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে সাৰ কাৰখানাৰ চতুৰ্থটো গোট স্থাপনৰ বাবে অনুমোদন জনাইছিল। কিন্তু কাৰ্যতঃ ইয়াৰ বিপৰীত ছবিহে প্ৰতিফলিত হ'ল। বৰ্তমান চৰকাৰৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নতুন নীতি অনুসৰি আত্মনিৰ্ভৰ ভাৰতত সাৰ খণ্ডটোক এটা গুৰুত্বপূৰ্ণ খণ্ড হিচাবে গণ্য কৰা কৰাৰ বিপৰীতে গুৰুত্বহীন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ প্রয়োজন সাপক্ষে ব্যক্তিগত খণ্ডৰ হাতত তুলি দিয়া অথবা বন্ধ কৰাৰ সিদ্ধান্ত প্ৰকাশ কৰে।
তাৰ পৰিপ্ৰেক্ষিতত নামৰূপ সাৰ-কাৰখানাক চৰকাৰে এনে দৃষ্টিৰে চাইছে যদিও বৰ্তমান নামৰূপ সাৰ কাৰখানাই সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে প্ৰায় দুটা বছৰৰ ভিতৰত কেইবাটাও জৈৱিক সাৰৰ প্ৰডাক্ট এন পি কে, মুক্তা ১৯:১৯:১৯ আদি প্ৰস্তুত কৰি এখন বজাৰ নিৰ্মাণ কৰিছে। বাৰ্ষিক টাৰ্ন অভাৰ পূৰ্বৰ তিনিশ কোটিৰ পৰা এঘাৰ শ কোটি টকালৈ বৃদ্ধি কৰিলে। বিগত বর্ষৰ পৰা বিদেশৰ পৰা ইউৰিয়া ক্ৰয় কৰি বি ভি এফ চি এলৰ নামত ট্রেডিং ব্যৱসায় আৰম্ভ কৰাৰ লগতে বিভিন্ন নতুন পৰিকল্পনা হাতত লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/24e73632-eb7a-47ea-8026-3acc980d072b/7d4aa765_1250_4f3a_9f9b_89920c56037f.jpg)
একমাত্ৰ নিজা প্ৰচেষ্টাৰে বি ভি এফ চি এলে আজি মূৰ দাঙি থিয় হ'বলৈ সমৰ্থ হৈছে। আনহাতে লক্ষণীয় যে, বি ভি এফ চি এলক যদিহে বন্ধ কৰাৰ ষড়যন্ত্ৰ আছিল তেনে চৰকাৰে কি উদ্দেশ্যে এশ কোটি টকা গোট দুটা মেৰামতিৰ বাবে অনুদান দিছিল ইয়ো এটা প্ৰশ্ন বোধক হৈ উঠিছে। ইফালে সবল আন্তঃগাঁথনি থকা নামৰূপ সাৰ কাৰখানাত চতুৰ্থ গোট স্থাপনত গুৰুত্ব আৰোপ কৰি অইল ইণ্ডিয়া লিমিটেড আৰু অসম চৰকাৰেও গধুৰ অংশীদাৰিত্ব লোৱাৰ কথা ঘোষণা কৰিছে। তেনে প্ৰেক্ষাপটতত উদ্যোগটোৰ সাম্প্ৰতিক স্থিতি অধ্যয়ন নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এনে নিৰাশাজনক মন্তব্য প্ৰদান কৰাটো অসমবাসীৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বুলি বিবেচিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/d39e6702-f0e7-4388-b078-fae0fbb500be/c0e5891b_0d18_4819_a169_3cf79186906b.jpg)
ইফালে জানিব পৰা মতে প্ৰস্তাৱিত চতুথ গোট সন্দৰ্ভতো চৰকাৰে সাৰ কৰ্তৃপক্ষক নিয়মীয়াকৈ সদ উত্তৰ প্ৰদান কৰি আহিছে । এনে প্ৰেক্ষাপটত সংসদত এনে ঋণাত্মক উত্তৰ প্ৰদান কৰি চৰকাৰে বিভ্ৰান্তি সৃষ্টি কৰাৰ লগতে অসমবাসীক প্ৰতাৰণা কৰিলে বুলি অভিযোগ উত্থাপন কৰিছে নামৰূপৰ স্থানীয় ৰাইজে।
Also Read: সংগীতৰ শ্ৰোতা-দর্শকলৈ তৰালি শৰ্মাৰ উপহাৰ 'ডেউকা মেলি দিলোঁ'