নামৰূপ বিভিএফচি দেইলী বজাৰত ৩২ বস্তা লালী গুৰ জব্দ

নামৰূপস্থিত বি ভি এফ চি দেইলী বজাৰত মঙলবাৰে নামৰূপ আৰক্ষীয়ে নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈৰ উপস্থিতিত ৩২ বস্তা প্ৰায় ৯ কুইণ্টল লালি গুৰ জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
নামৰূপ বিভিএফচি দেইলী বজাৰত ৩২ বস্তা লালী গুৰ জব্দ

ডিজিটেল সংবাদ, নামৰূপঃ নামৰূপস্থিত বি ভি এফ চি দেইলী  বজাৰত মঙলবাৰে   নামৰূপ আৰক্ষীয়ে  নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়া শৰৎ গগৈৰ উপস্থিতিত ৩২ বস্তা   প্ৰায় ৯ কুইণ্টল  লালি গুৰ জব্দ কৰে। আজি সন্ধিয়া প্ৰায় ৬.৩০ বজাত  আবকাৰী বিভাগ আৰু নামৰূপ আৰক্ষীৰ যুটীয়া অভিযানত  বি ভি এফ চি দেইলী বজাৰৰ  গেলা মাল ব্যৱসায়ী  ৰাকেশ কুমাৰৰ গুদামৰ পৰা ৩২ বস্তা   সন্দেহ যুক্ত লালী গুৰ উদ্ধাৰ কৰে । 

Advertisment

এই সন্দৰ্ভত  নাহৰকটীয়া ৰাজহ চক্ৰ  বিষয়া শৰৎ গগৈয়ে কয় যে   বিগত কিছু দিনৰ পৰা নামৰূপৰ বিভিন্ন  এলেকাত লালী  গুৰৰ ব্যৱসায় চলাই যোৱাৰ তথ্য পোৱা গৈছিল। তাৰ পৰিপ্ৰেক্ষিতত আজি হঠাৎ দেইলী মাৰ্কেটত অভিযান চলাই  প্ৰায় ৯ কুইণ্টেল  লালী গুৰ জব্দ কৰা হয় বুলি জানিবলৈ দিয়ে। 

আজিৰ অভিযানত  নামৰূপ থানাৰ   ভাৰ প্ৰাপ্ত আৰক্ষী বিষয়া নীল কমল বৰুৱাৰ লগতে আবকাৰী  বিভাগৰ বিষয়া উপস্থিত থাকে।

Also Read: জন কল্যাণমূলক আঁচনিৰ ফোপোলা স্বৰূপ! টকা দিও পোৱা নাই ৰেচন কাৰ্ড,আৱাস গৃহ

namrup