জন কল্যাণমূলক আঁচনিৰ ফোপোলা স্বৰূপ! টকা দিও পোৱা নাই ৰেচন কাৰ্ড,আৱাস গৃহ

অসমত এতিয়া চৰকাৰৰ বহু জনকল্যাণ মূলক অভিলাসী আঁচনি আছে। কিন্তু চৰকাৰী এনে আচনিৰ পৰা বঞ্চিত বহু লোক এতিয়াও আছে ।

author-image
Asomiya Pratidin
New Update
জন কল্যাণমূলক আঁচনিৰ ফোপোলা স্বৰূপ! টকা দিও পোৱা নাই ৰেচন কাৰ্ড,আৱাস গৃহ

ডিজিটেল সংবাদ,বেবেজীয়া: অসমত এতিয়া চৰকাৰৰ বহু জনকল্যাণ মূলক অভিলাসী আঁচনি আছে। কিন্তু চৰকাৰী এনে আচনিৰ পৰা বঞ্চিত বহু লোক এতিয়াও আছে । চৰকাৰী আঁচনিৰ পৰা বঞ্চিত নগাওঁ জিলাৰ ফুলগুৰিৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কাহিনী। চৰকাৰৰ বহু হিতাধিকাৰী আঁচনি আছে।

Advertisment

কিন্তু সকলো আঁচনিৰ পৰা বঞ্চিত হৈ আছে ফুলগুৰি গড়মূৰৰ ধুনুমনি বৰদলৈ নামৰ মহিলা গৰাকীৰ পৰিয়াল। পৰিয়ালটোৱে আজিলৈকে নাপালে ৰেচন কাৰ্ড, নাই পোৱা চৰকাৰী ঘৰ, বঞ্চিত অৰুনোদয়কে ধৰি সকলো চৰকাৰী আঁচনিৰ পৰা। জানিব পৰা মতে মহিলাগৰাকীয়ে বহু আবেদন নিবেদন কৰিও আজিলৈ ৰেচন কাৰ্ডখনকে পাবলৈ সক্ষম নহ'ল। ফলত আজিলৈকে লাভ কৰা নাই বিনামূলীয়া চৰকাৰী চাউল।

মহিলা গৰাকীয়ে জাগিয়াল মৌজা সমবায় সমিতিৰ ওচৰত বহুবাৰ আবেদন কৰিলে যদিও বিভিন্ন আজুহাত দেখুৱাই সমবায় কৰ্তৃপক্ষই মহিলাগৰাকীক নিদিলে ৰেচন কাৰ্ড। ইপেনে অভিযোগ মতে সংশ্লিষ্ট ৰিটেইলাৰে মহিলা গৰাকীক ৰেচন কাৰ্ডৰ নামত দুইহেজাৰ টকা দাবী কৰিছে। কিন্তু দিনহাজিৰা কৰি কোনোমতে পেটে-ভাতে খাই থকা মহিলা গৰাকীয়ে টকা দিব নোৱাৰাৰ বাবেই ৰেচন কাৰ্ড নোপোৱাৰ অভিযোগ তুলিছে দুৰ্ভগীয়া মহিলা গৰাকীয়ে।

উল্লেখ্য যে মহিলা গৰাকীৰ স্বামী দীপজ্যোতি শইকীয়াই টেম্প' চলাই পত্নী আৰু একমাত্ৰ কন্যা সন্তানৰ সৈতে দুবেলা দুমুঠি খাই আছিল যদিও যোৱা বছৰৰ পৰা দীপজ্যোতি বৃক্কৰোগত আক্ৰান্ত হোৱা ধুনুমনি বৰদলৈয়ে দিন হাজিৰা কৰি সংসাৰ চলাবলগীয়া হৈছে। এনে এটা দৰিদ্ৰ পৰিয়ালে ৰেচন কাৰ্ডখনো পাবলৈ সক্ষম নোহোৱাত তীব্ৰ দুখ যন্ত্ৰণাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে।

বিধায়ক শশীকান্ত দাসেও মহিলাগৰাকীক ৰেচন কাৰ্ড দিবলৈ জাগিয়াল মৌজা সমবায় সমিতিক নিৰ্দেশ দিলে। কিন্তু বিধায়কৰ নিৰ্দেশকো গুৰুত্ব নিদিলে সমবায় সমিতিখনে। প্ৰশ্ন হৈছে কাৰ মইমতালিৰ বাবে এই দৰিদ্ৰ পৰিয়ালটোৱে সাধাৰণ ৰেচন কাৰ্ডখনো পাবলৈ সক্ষম হোৱা নাই? ইপিনে পৰিয়ালটো এটা জৰাজীৰ্ণ জুপুৰিত বাস কৰে যদিও আজিকোপৰি এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই।

টকা দিব নোৱাৰাৰ বাৰে দুৰ্ভগীয়া পৰিয়ালটোৱে চৰকাৰী ঘৰ নাপায় নেকি? এনে প্ৰশ্নই উদয় হৈছে সচেতন মহলত। একেদৰে অৰুনোদয় আঁচনিৰ পৰা বঞ্চিত কৰা হৈছে মহিলাগৰাকীক। মুঠতে কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই দুখীয়া পৰিয়ালটো। অৱশেষত সংবাদ মাধ্যমৰ জড়িয়তে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সহায় বিচাৰিছে বঞ্চিতা মহিলাগৰাকীয়ে। দুৰ্ভগীয়া মহিলাগৰাকীৰ বঞ্চনাৰ কথা মুখ্যমন্ত্ৰীয়ে গুৰুত্ব দিবনে?

Also Read: যুৱ-প্ৰজন্মৰ সুন্দৰ ভৱিষ্যতৰ বাবে বিজেপিয়ে কৰিব সজাগতা সৃষ্টি...

assam govt