নামৰূপত ব্ৰজপাত পৰি এজনৰ মৃত্যু...

নামৰূপত ব্ৰজপাত পৰি এজনৰ মৃত্যু...

ডিজিটেল সংবাদ, নামৰূপঃ মঙলবাৰে সন্ধ্যা নামৰূপৰ ১নং বৰখেৰেমীয়া গাওঁৰ এজন ব্যক্তিৰ গাত ব্ৰজপাত পৰি মৃত্যু হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। ডম্বৰু চেতিয়া আৰু চেনীমাই চেতিয়াৰ সুঠাম উদ্যমী পুত্ৰ ধন চেতিয়াই ৰাতি বৰষুণত উজান দিয়া মাছ মাৰি থাকোতে বজ্ৰপাত পৰি আকস্মিক ভাৱে মৃত্যু হয়।মৃত্যুৰ সময়ত মৃতকে পিতৃ মাতৃ আৰু পত্নীৰ লগতে এগৰাকী ৮ বছৰীয়া কন্যা আৰু ২ বছৰীয়া পুত্ৰ ইহ সংসাৰত এৰি থৈ গৈছে।

উল্লেখ্য যে মঙলবাৰে পুৱাৰে পৰা বিজুলী ধেৰেকনিৰে নেৰা নেপাৰাকৈ মূসলধাৰে বৰষুণ দিয়াৰ ফলত নামৰূপৰ চহৰ অঞ্চলৰ লগতে গাঁৱৰ বাট-পথ পানীৰে ভৰি পৰে। সন্ধিয়াৰ প্ৰচণ্ড ধেৰেকনিটোতে বহুকেইটা দুৰ্ঘটনা সংঘটিত হয়। নামৰূপ সাৰ কাৰখানাৰ তৃতীয় গোটৰ চিমনীত মঙলবাৰে ব্ৰজৰ ফলত অগ্নিকাণ্ড সংঘটিত হয় যদিও বি ভি এফ চি এল আৰু এ পি এলৰ অগ্নি নিৰ্বাপক বাহিনী তৎক্ষণাৎ উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।

নামৰূপত ব্ৰজপাত পৰি এজনৰ মৃত্যু...
কোকৰাঝাৰৰ কাৰাগাৰৰ দুবাৰকৈ পলাল এটা চোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in