বিধায়ক তৰংগৰ ব্যতিক্ৰমী পদক্ষেপ, য’তে ত’তে ওলোমাই থোৱা অকতৃত্বশীল হোর্ডিংছ  উচ্ছেদ

বিধায়ক তৰংগৰ ব্যতিক্ৰমী পদক্ষেপ, য’তে ত’তে ওলোমাই থোৱা অকতৃত্বশীল হোর্ডিংছ  উচ্ছেদ

author-image
asomiyapratidin
New Update
বিধায়ক তৰংগৰ ব্যতিক্ৰমী পদক্ষেপ,  য’তে ত’তে ওলোমাই থোৱা অকতৃত্বশীল হোর্ডিংছ  উচ্ছেদ

ডিজিটেল সংবাদ, নামৰূপ: উদ্যোগ নগৰী নামৰূপ চহৰ খনত নামৰূপ পৌৰ সভা এলেকাত  প্ৰশাসনৰ অনুমতি নোলোৱাকৈ বে-আইনীভাবে য'তে  ত'তে আৰি থোৱা হৰ্ডিংসমূহ  কালি গধূলি  বিধায়ক তৰংগ গগৈৰ উপস্থিতিত   উচ্ছেদ কৰা হয়।

Advertisment

সমষ্টিৰ অন্তৰ্গত  নামৰূপ আৰু নাহৰকটীয়াৰ দুয়োখন চহৰ  শৃংখলিত পৰিষ্কাৰ পৰিচন্নতাৰে সৌন্দৰ্য  বৰ্ধনৰ বাবে বিধায়ক তৰংগ গগৈয়ে ইতিমধ্যে কেইবাটাও পদক্ষেপ  গ্ৰহণ কৰি কাৰ্যকৰী কৰিছে।  এই পৰিপ্ৰেক্ষিততে কালি  প্ৰায় মাজনিশা লৈকে  নামৰূপ টাউন শ্বিপত  বিধায়ক গৰাকী উপস্থিত থাকি   নামৰূপ পৌৰসভাৰ সহযোগত  নামৰূপৰ বিভিন্ন স্থানত অনুমতি অবিহনে আৰু অপৰিপাটিকিকৈ আৰি থোৱা বহুজাতিক কোম্পানীৰ ,  ব্যক্তিগত  প্ৰতিষ্ঠান আদিৰ সৰু বৰ  হৰ্ডিং সমূহই  উচ্ছেদ কৰাই বিধায়ক গৰাকীয়ে।।

এই সন্দৰ্ভত বিধায়ক গৰাকীয়ে কয় যে  উপযুক্ত স্থান  নিৰ্বাচিত নকৰি  য'ত ত'ত আঁৰি থোৱা সৰু বৰ হোর্ডিং সমূহে  নামৰূপ চহৰখনৰ সৌন্দৰ্য্য ম্লান কৰিছে।  অনাগত দিনত হৰ্ডিঙৰ বাবে উপযুক্ত ঠাই বাচনি কৰা হ'ব আৰু ইচ্ছুক বিজ্ঞাপনদাতাই প্ৰশাসনৰ অনুমতি লৈ সম্পূৰ্ণ আইনী প্ৰক্ৰিয়াৰে হৰ্ডিং আৰিবলৈ আহ্বান জনাই বিধায়ক তৰংগ গগৈয়ে। 

  গুৰুত্বপূৰ্ণ যে যোৱা ৯ জুনত বিধায়ক গৰাকী উপস্থিত থাকি নাহৰকটীয়া টাউনশ্বিপটো অকতৃত্বশীল ভাবে  আৰি থোৱা হোর্ডিংছ সমূহ  আঁতৰাই  সৰুচহৰ খন  শৃংখলিত ভাবে সজাই তোলে। এই ব্যৱস্থাই  চহৰ খনৰ সৌন্দৰ্য বৰ্ধন কৰাৰ উপৰি পৌৰসভাৰ ৰাজহ বৃদ্ধি কৰাটো সহায়ক হ'ব।

আৰু পঢ়ক: অৰাজকতা; শ্ৰীলংকাত ঘোষণা কৰা হ'ল জৰুৰীকালীন অৱস্থা…

assam namrup