অৰাজকতা; শ্ৰীলংকাত ঘোষণা কৰা হ’ল জৰুৰীকালীন অৱস্থা…

অৰাজকতা; শ্ৰীলংকাত ঘোষণা কৰা হ’ল জৰুৰীকালীন অৱস্থা…

ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিয়ে জুৰুলা কৰা শ্ৰীলংকাত বৰ্তমান ভয়ংকৰ পৰিস্থিতিয়েই দেখা দিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকচাই দেশ এৰি পলায়ন কৰাৰ পাছতেই ঘোষণা কৰা হ'ল জৰুৰীকালীন অৱস্থা। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা কৰা হয় এই ঘোষণা।

প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ মুখপাত্ৰ দিনৌক কলমবেগে কয় যে ৰাষ্ট্ৰপতি দেশ এৰি যোৱাৰ পাছতেই দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

বৰ্তমান শ্ৰীলংকাত ৰাজনৈতিক আৰু অৰ্থনৈতিক সংকতে দেখা দিছে।হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰি প্ৰতিবাদ সাৱ্যস্ত কৰে। বহুদিন ধৰি শ্ৰীলংকাত অৰাজকতাময় পৰিস্থিতি চলি আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in