দেশৰ সাৰ উদ্যোগত এক বৈপ্লৱিক পৰিৱৰ্তন

দেশৰ সাৰ উদ্যোগত এক বৈপ্লৱিক পৰিৱৰ্তন

ডিজিটেল সংবাদ, নামৰূপঃ অহা ১১ মার্চ বিকশিত ভাৰত সংকল্পৰ অন্তৰ্গত সমগ্র দেশজুৰি হ'বলগীয়া 'নামো ড্রোন দিদি-১০০০' শীৰ্ষক ড্রোন প্রদর্শন কাৰ্য্যসূচী সোমবাৰে সমগ্র ভাৰতবৰ্ষৰ ১১খন ৰাজ্যত অনুষ্ঠিত হৈছে। উত্তৰ-পূৱক প্রতিনিধিত্ব কৰি থকা নামৰূপস্থিত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কৰ্প'ৰেচন লিমিটেড চমুকৈ বি ভি এফ চি এলৰ উদ্যোগটো নাহৰকটীয়াৰ নামফাকে অঞ্চলত আয়োজন কৰে প্ৰদৰ্শনী মূলক ড্ৰোনৰ উৰণ কাৰ্য্যসূচী।

দেশৰ ১১খন ৰাজ্যত আজি একেলগে প্ৰশিক্ষিত মহিলা ড্ৰোন চালকসকলক ড্ৰোণ বিতৰণ কৰাৰ লগতে প্ৰমাণপত্ৰ প্ৰদান কৰে। কৃষিভূমিত সাৰ-ঔষধ ছটিওৱা কাৰ্যৰো প্ৰদৰ্শনী অনুষ্ঠিতকৰে এই কাৰ্যসূচীত। সমগ্র দেশৰ অন্ধ্ৰ্ৰদেশ, গুজৰাট, কৰ্ণাটক, দিল্লী, মধ্যপ্ৰদেশ, ৰাজস্থান, তামিলনাডু, তেলেংগানা, উত্তৰপ্ৰদেশ বিহাৰ আৰু অসমত আজি একেলগে একে সময়তে এই কাৰ্য্যসূচী ৰূপায়ন কৰি এক ঐতিহাসিক কাৰ্য সম্পাদন কৰে দেশে।

নাহৰকটীয়াৰ উক্ত কাৰ্য্যসূচীত ৪২ খন ড্ৰোন প্ৰদান কৰা হয়। এই নতুন পদক্ষেপৰ অধীনত বর্তমান ১,০০০ৰো অধিক মহিলা আত্মসহায়ক গোটৰ সদস্যই প্রশিক্ষণ আৰু মেৰামতিৰ প্রশিক্ষণ সম্পাদন কৰি অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ পৰা আজি ড্রোন পৰিচালনাৰ প্ৰমাণপত্ৰ লাভ কৰিছে। ইয়াৰ দ্বাৰা কৃষিক্ষেত্রত বৈপ্লবিক পৰিবর্তন আনিব অর্থাৎ " বিশেষকৈ উন্নত কার্যক্ষমতা আৰু খৰচ বহনক্ষমতাৰ হ্ৰাসৰ জৰিয়তে সাৰ উদ্যোগক প্রভাৱিত কৰিব বুলি আশা কৰা হৈছে।

উক্ত যুগান্তকাৰী অনুষ্ঠানটো সমগ্ৰ ভাৰতবৰ্ষত একেলগে সোমবাৰে পুৱা ১০:০০ বজাত অনুষ্ঠিত হয় । বিভিএফচিএলেও কোম্পানীভিত্তিক ড্ৰোন বিতৰণ কৰি কৃষি উদ্ভাৱনৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে। বিতৰণৰ ভিতৰত বিভিএফচিএল-১৮, আইএফএফচিঅ’-১৬, ইন্দোৰামা-৪, মেটিক্স-২, পিপিএল-২, আৰু আইপিএল-১, মুঠ ৪৩খন ড্ৰ’ন বিতৰণ কৰা হৈছে ।ইয়াৰে অসমলৈ ২৮, পশ্চিমবংগলৈ১৫ খন প্ৰদান কৰা হয়।

অত্যাধুনিক প্ৰযুক্তিৰে সজ্জিত এই ড্ৰোনে নিজৰ ইচ্ছানুযায়ী আৰু পৰিৱৰ্তনশীল হাৰত সাৰ প্ৰয়োগৰ সুবিধা প্ৰদান কৰে। কৃষিক্ষেত্ৰত মানৱবিহীন বিমানৰ একত্ৰীকৰণে সাৰ উদ্যোগত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছে, বিভিন্ন ক্ষেত্ৰত অনন্য প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমাধান তৈয়াৰ কৰাত ড্ৰ’নে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে যাৰ ফলত বহনক্ষম আৰু নিখুঁত কৃষি পদ্ধতিত অৰিহণা যোগাব।

আজি এই অনুস্থানত বি ভি এফ চি এলৰ চি এম ডি প্ৰদীপ কুমাৰ বনিক, বিভিএফচিএলৰ সঞ্চালক (বিত্ত) সুবাস চন্দ্ৰ দাস, ডিপাৰ্টমেণ্ট অৱ ফাৰ্টিলাইজাৰৰ নডেল অফিচাৰ ৰবিন গংটে, তাপ বিদ্যুৎ কেন্দ্ৰৰ মহা প্ৰবন্ধক যদু প্ৰাণ বৰগোহাঁই, নাহৰকটীয়া জিলা চক্ৰ বিষয়া শৰৎ গগৈ, সত্যজিৎ মিশ্ৰ, জি এম (মাৰ্কেটিং), আইপিএলৰ কোম্পানী বিষয়াসকল, ইটানগৰৰ দূৰদৰ্শনৰ প্ৰতিনিধি আদি উপস্থিত থাকে।

দেশৰ সাৰ উদ্যোগত এক বৈপ্লৱিক পৰিৱৰ্তন
দৰং-ওদালগুৰি সমষ্টিত BPF, BJPৰ সভাঃ দিলীপ শইকীয়াই উত্তৰ দিলে হাগ্ৰামক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in