দৰং-ওদালগুৰি সমষ্টিত BPF, BJPৰ সভাঃ দিলীপ শইকীয়াই উত্তৰ দিলে হাগ্ৰামক

বিৰোধী দল নাই দৰং-ওদালগুৰি লোক সভা সমষ্টিতঃ দিলীপ শইকীয়া দৰং-ওদালগুৰিত জিকিব বিপিএফ- হাগ্ৰামা মহিলাৰী
দৰং-ওদালগুৰি সমষ্টিত BPF, BJPৰ সভাঃ দিলীপ শইকীয়াই উত্তৰ দিলে হাগ্ৰামক
দৰং-ওদালগুৰি সমষ্টিত BPF, BJPৰ সভাঃ দিলীপ শইকীয়াই উত্তৰ দিলে হাগ্ৰামক

ডিজিটেল সংবাদ ওৰাং: লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিটিচিত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ। বিজেপি, বিপিএফ, ইউ পি পি এল সকলো ৰাজনৈতিক দলেই নামি পৰিছে প্ৰচাৰ অভিযানত। আজি মাজবাট বিধানসভা সমষ্টি আৰু ওদালগুৰিত অনুষ্ঠিত হয় বি জে পি আৰু বি পি এফৰ দুখনকৈ সভা।

দলীয় টিকট লাভ কৰাৰ পিছত প্ৰথম বাৰৰ বাবে আজি মাজবাট বিধানসভা সমষ্টিত উপস্থিত হয় সাংসদ দিলীপ শইকীয়া। সমষ্টিটোৰ অন্তৰ্গত ৰৌতাৰ বাথৌ ঠানচালিত দলীয় কৰ্মীসকলে ব্যাপক উৎসাহেৰে উষ্ম আদৰণি জনায় দিলীপ শইকীয়াক।

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দিন-বাৰ ঘোষণা কৰা নাই যদিও শাসকীয় পক্ষই ইতিমধ্যে ঘোষণা কৰিছে প্ৰথমখন ভোটাৰ তালিকা। এই তালিকাত দলটোৱে অসমৰ ৩ টা সমষ্টি মিত্ৰদলক এৰি ১১ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে।

নতুনকৈ নামাকৰণ কৰা দৰং-ওদালগুৰি সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে সাংসদ দিলীপ শইকীয়াক। নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈ উঠা শইকীয়াই আজি আগন্তুক নিৰ্বাচনৰ সম্পৰ্কে দলীয় কৰ্মীৰ সৈতে সংকল্প গ্ৰহণ কৰাৰ লগতে হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰো চেক বিতৰণ কৰে।

এক হাজাৰৰো অধিক দলীয় কাৰ্যকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই দলীয় বৈঠকত আগন্তুক নিৰ্বাচনত দলীয় কৰ্মীসকলে কি কি আৰু কেনেধৰণৰ দায়িত্ব পালন কৰিব লাগিব সেই বিষয়ে আলোচনা কৰা হয়। এই বৈঠকতে সমষ্টিটোৰ নেতা, কৰ্মীসকলে নিৰ্বাচনৰ বাবে কঁকালত টঙালি বন্ধাৰ কথা উল্লেখ কৰি সাংসদ শইকীয়াই কয় আগন্তুক নিৰ্বাচনত তেওঁ এই সমষ্টিটোৰ পৰা ৫০ হাজাৰতকৈ অধিক ভোটত জয়লাভ কৰিব।

ইফালে আজিৰ এই সভাতেই বি পি এফ দলৰ কেইবাগৰাকীও সদস্যও বিজেপিত যোগদান কৰে। সভাত সাংসদ শইকীয়াই ১৮৪ গৰাকী ৰোগাক্ৰান্ত ব্যক্তিলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূজিৰ চেক বিতৰণ কৰে।

এই সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা ওদালগুৰি জিলা বিজেপিৰ সহ প্ৰভাৰী ৰঞ্জিব কুমাৰ শৰ্মা, দৰং- ওদালগুৰি লোকসভা সমষ্টিৰ বিস্তাৰক বাতাছ ওৰাং, জিলা বিজেপিৰ সভাপতি সুনীল কুমাৰ বসুমতাৰী, বিজেপি যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকা, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য জিতু কিষান, পাৰিষদ দীপক মৌৰ, মাজবাট বিধানসভা সমষ্টিৰ বিস্তাৰক সোমেশ্বৰ চনা, ৰৌতা মণ্ডল বিজেপিৰ সভাপতি ৰবিন দৈমাৰী, ধনশ্ৰী মণ্ডল বিজেপিৰ সভানেত্ৰী ৰাধেশ্বৰী বড়ো আৰু দলীয় কাৰ্যকৰ্তাসকল।

সমান্তৰালকৈ ওদালগুৰিতো আজি অনুষ্ঠিত হয় বিপিএফৰ এক বিশাল জনসভা। উক্ত সভাতে দৰং-ওদালগুৰি লোক সমষ্টিত বি পি এফৰ প্ৰাৰ্থীয়ে একৰ পৰা ডেৰ লাখ ভোটত জয়লাভ কৰিব বুলি হাগ্ৰামা মহিলাৰীয়ে মন্তব্য কৰে। হাগ্ৰামা মহিলাৰীৰ এই মন্তব্যৰ পিছতে দিলীপ শইকীয়াই নিজৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে।

সাংসদ শইকীয়াই কয়, হাগ্ৰামা মহিলাৰীৰ বি পি এফ দলে দৰং-ওদালগুৰি সমষ্টিত এক লাখ ভোটো লাভ নকৰে। ইয়াৰোপৰি বিপিএফে এই পৰ্যন্ত প্ৰাৰ্থী ঘোষণা নকৰাকৈয়ে সমষ্টিটোত বি পি এফৰ প্ৰাৰ্থী বিজয়ী হ'ব বুলি কৰা ঘোষণাক সাংসদ শইকীয়াই কটাক্ষ কৰি হাগ্ৰামা মহিলাকীৰ শুভেচ্ছাও জনাইছে। সাংসদ শইকীয়াই ইয়াৰোপৰি কয় যে, বি টি চিত কোনো বিৰোধী দল নাই। বিটিচিত সকলো নৰেন্দ্ৰ মোডীৰ লগত আছে।

দৰং-ওদালগুৰি সমষ্টিত BPF, BJPৰ সভাঃ দিলীপ শইকীয়াই উত্তৰ দিলে হাগ্ৰামক
'কা'ৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজ দিয়াৰ আহ্বান ৰাইজৰ দলৰঃ ক'লে- এয়া অস্তিত্ব ৰক্ষাৰ শেষ যুঁজ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in