কাগজকলৰ পাছত এইবাৰ সাৰ কাৰখানাঃ অপমৃত্যু ঘটিব নামৰূপৰ BVFCL ৰ...

কাগজকলৰ পাছত এইবাৰ সাৰ কাৰখানাঃ অপমৃত্যু ঘটিব নামৰূপৰ BVFCL ৰ...
কাগজকলৰ পাছত এইবাৰ সাৰ কাৰখানাঃ অপমৃত্যু ঘটিব নামৰূপৰ BVFCL ৰ...

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ এটা ৰাজহুৱা খণ্ডৰ উদ্যোগ অপমৃত্যুৰ দিশে গতি কৰিছে। অতি শীঘ্ৰেই বন্ধ হৈ পৰিব পাৰে নামৰূপস্থিত ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড।

নগাওঁ আৰু কাছাৰ কাগজকলৰ দৰেই অপমৃত্যু ঘটিব পাৰে নামৰূস্থিত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ সাৰ কাৰখানাটোৰ। চলিত লোকসভাৰ বৰ্ষাকালীন অধিৱেশনত উন্মোচিত হৈছে এই সন্দৰ্ভত এক উদ্বোগজনক তথ্য।

আজি লোকসভাত কলিয়াবৰৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নামৰূপ সাৰ কাৰখানা পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত এক প্ৰশ্ন কৰিছিল। এই প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভগৱন্তক খুবাই লোকসভাত জনাই যে, নিটি আয়োগৰ অধ্যক্ষতাত গ্ৰুপ অফ অফিচাৰ্ছৰ বৈঠকত এই সাৰকাৰাখানাটো বন্ধ কৰাৰ পৰামৰ্শ দিয়াৰ লগতে গুৰুত্বহীন ৰাজহুৱা উদ্যোগসমূহ ব্যক্তিগতখণ্ডৰ হাতত গতাই দিয়া অথবা বন্ধ কৰাৰ পোষকতা কৰিছে।

ফলত অসমৰ এই খাৰ উদ্যোগটোৰ ভৱিষ্যত যে অন্ধকাৰ সেই কথা নিশ্চিত হৈছে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ১০০ দিনীয়া অৰ্থনৈতিক পৰিক্ৰমাৰ মাজত নামৰূপৰ এই সাৰ কাৰখানাৰ চতুৰ্থটো গোট নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰিছিল।

আৰু ইয়াৰ নিৰ্মাণৰ বাবে অনুমোদনো জনাইছিল। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো চুৰ্থটো গোট নিৰ্মাণৰ ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল। কিন্তু তাৰ পাছতো সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট নিৰ্মাণ হৈ নুঠিল।

ইতিমধ্যে সাৰ কাৰখানাটোৰ প্ৰথম আৰু দ্বিতীয়টো গোট বন্ধ হৈছে। তৃতীয়টো গোটে দৈনিক ৬০০ ৰ পৰা ৭০০ মেট্ৰিক টন সাৰ উৎপাদন কৰি কৃষক ৰাইজক কিছু পৰিমাণে সকাহ দি আহিছে।

উল্লেখ্য যে, সাৰ আৰু ৰসায়ন মন্ত্ৰণালয়ৰ বিষয়ববীয়াৰে নিটি আয়োগৰ মাজত হোৱা আলোচনাৰ পিছত কেন্দ্ৰীয় চৰকাৰে নির্বিনিয়োজন প্ৰক্ৰিয়াৰে দেশৰ বন্ধ হৈ থকা আৰু পুনৰুজীৱিত কৰা ৰাসায়নিক সাৰ প্ৰতিষ্ঠানসমূহক ব্যক্তিগতখণ্ডৰ হাতত গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি কিছু দিনৰ আগত প্ৰচাৰ হৈছিল। ইয়াৰ পাছতে নামৰূপ সাৰ কাৰখানাৰ ভৱিষ্যতকলৈ শংকিত হৈ পৰিছিল উদ্যোগটোৰ শ্ৰমিক কৰ্মচাৰীসকল।  

নামৰূপ সাৰ কাৰখানা বিক্ৰী প্ৰক্ৰিয়া বন্ধ কৰাৰ দাবীৰে উদ্যোগটোৰ শ্ৰমিক ইউনিয়ন, বিভিন্ন সংগঠন, ৰাজনৈতিক দলে আন্দোলনৰ কাৰ্যসূচীও চলাই আহিছিল। তাৰ মাজতেই সাৰ কাৰখানাটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড০ শিৱ প্ৰসাদ মহান্তিয়ে খাৰ কাৰখানাটো জীয়াই ৰখাৰ সমল এতিয়াও আছে বুলি ধনাত্মক মন্তব্য কৰি কৰ্মচাৰী, শ্ৰমিকসকলৰ কিছু পৰিমাণে আশ্বস্ত কৰিছিল।

বৃহৎ ভূমি সামৰি ষাঠিৰ দশকতে স্থাপন হোৱা নামৰূপ সাৰ কাৰখানাই যি কাৰণতেই নহওক এক দীঘলীয়া সময় ধৰি লোকচান ভৰি ৰোগীয়া উদ্যোগ হিচাপে চিহ্নিত হৈছিল। অৱশ্যে বৰ্তমান নামৰূপ সাৰ কাৰখানাৰ পূৰ্বৰ  স্থিতি নাই। 

বৰ্তমান উদ্যোগটোৰ লোকচানৰ পৰিমাণ হ্ৰাস হৈ আহিছে। ২০১৯ -২০২০ সাৰ কাৰখানাটোৰ লোকচানৰ পৰিমাণ আছিল  ১৩৪ কোটি টকা । ২০২০-২০২১ বৰ্ষত এই লোকচানৰ পৰিমাণ ৯৭ কোটিলৈ হ্ৰাস পায়।

অন্যহাতে ২০২১ বৰ্ষৰ পহিলা অক্টোবৰৰ পৰা ২০২২ ৰ ছেপ্টেম্বৰলৈকে নামৰূপ সাৰ কাৰখানাটোৰ ৩য় ইউনিটটোৱে প্ৰতিদিনে ৮০ শতাংশ কৈ ইউৰীয়া উৎপাদন কৰিবলৈ সক্ষম হৈছে। যাৰ ফলত ২০২১-২০২২ বৰ্ষত এই লোকচানৰ পৰিমাণ ৩০ কোটিলৈ হ্ৰাস পাইছিল।

কাৰখানাটোৰ ৩য় ইউনিটটোৰ বাৰ্ষিক পৰিকল্পিত কাৰিকৰী মেৰামতি হোৱাৰ পিছত ২০২২-২০২৩ বৰ্ষত নামৰূপ সাৰ কাৰখানাই ৩০ কোটি লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা। নিজা উৎপাদিত সামগ্ৰীসমূহৰ লগতে বিভিএফচিএলে নিজাববীয়াকৈ ইউৰীয়া ট্রেডিং ব্যৱসায়ৰে দেশৰ ৫ ৰাজ্যলৈ সম্প্ৰসাৰণেৰে  বিপনন আৰম্ভ কৰি লীড ফাৰটিলাইজাৰ ষ্টাৰটাৰ্ছৰ খিতাপ অক্ষুন্ন ৰাখিছে।

ইফালে সাৰ কাৰখানাটোৰ চতুৰ্থটো গোট নিৰ্মাণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতো কাৰখানাটোৰ কৰ্তৃপক্ষই আলোচনা কৰিছিল। কাৰখানাটোৰ মুখ্য পৰিচালক ড০ শিৱ প্ৰসাদ মহান্তিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৪ৰ্থ গোট স্থাপনৰ বিষয়টো দৃঢ়তাৰে সমৰ্থন জনোৱাৰ লগতে অইল ইণ্ডিয়া, অসম চৰকাৰ, বিভিএফচিএলৰ অংশীদায়িত্বৰ লগতে বেংকৰ ঋণ লৈ স্থাপন কৰাৰ মত পোষণ কৰিছিল বুলিও উল্লেখ কৰিছিল। 

ইফালে শেহতিয়াকৈ কেন্দ্ৰীয় চৰকাৰে এই সাৰ কাৰখানাটোলৈ আবন্টন দিছিল ১০০ কোটি টকা। এই ১০০ কোটি টকাৰ ৩৩ কোটি টকা প্ৰায় ৩ বছৰে বন্ধ হৈ থকা ২নং ইউনিটটো মেৰামতিৰ বাবে ধার্য কৰা হৈছিল আৰু বাকী অংশ ৩য় গোটটো মেৰামতিৰ বাবে প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

এইদৰেই ক্ৰমান্বয়ে লাভজনক উদ্যোগৰ দিশে অগ্ৰসৰ হোৱা এই সাৰ কাৰখানাটোৰ অপমৃত্যুৰ খবৰে এতিয়া নামৰূপত হাহাকাৰ পৰিস্থিতিৰ সূচনা কৰিছে। কাৰখানাটোৰ শ্ৰমিক, কৰ্মচাৰীসকলে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমালোচনা কৰি প্ৰতিবাদৰ হুংকাৰ দিছে। ইয়াৰোপৰি অসমৰ সাংসদসকলক এই উদ্যোগটোক জীয়াই ৰাখিবলৈ সংসদত দাবী উত্থাপন কৰিবলৈ আহ্বান জনাইছে।

কাগজকলৰ পাছত এইবাৰ সাৰ কাৰখানাঃ অপমৃত্যু ঘটিব নামৰূপৰ BVFCL ৰ...
বিশ্বজিৎ‍ গোস্বামীৰ বাসগৃহত টকা গণি ভাগৰিল আৰক্ষী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in