/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/791847c5-dbd5-4ed0-8bdb-e86e05cbb4af/45.jpg)
ডিজিটেল সংবাদ,চতিয়া : দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হ'ল চতিয়াৰ এটা অঞ্চল। দেওবাৰে চতিয়াৰ ৰংপুৰত অগনন জনতাৰ ধূপ-ধূনা, নৈবদ্য আৰু হৰিনামৰ ধ্বনিৰে অঞ্চলটো দ্বিতীয় বৈকুণ্ঠপূৰীত পৰিণত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d2db69bf-93d4-4205-b5aa-d8e5c3851bb2/e5d10351_651d_448a_a309_4c6aaace3ecf.jpg)
উল্লেখযোগ্য যে বিভিন্ন জনগোষ্ঠীয় লোকৰ বসতিস্থল এই ৰংপুৰত দেওবাৰে পুনঃ নিৰ্মাণ কৰা হয় নৱনিৰ্মিত এটি নামঘৰ ৷ ১৯৯৮ চনতে প্ৰতিষ্ঠা কৰা নামঘৰটো চতিয়াৰ মাজেদি পাৰহৈ যোৱা চাৰিলেনযুক্ত পথটোৰ বাবেই ৪ বছৰ পূৰ্বে ভাঙি পেলোৱা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/2d8df819-9fd9-4e9a-b8c8-2aa4756614f1/7385c0cf_c49a_41ad_9990_49335649a3ab.jpg)
ইয়াৰ পিছত নতুনকৈ নিৰ্মাণ কৰা নামঘৰটো দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশৰ মাজত ৰংপুৰৰ ৰাইজে পুনঃপ্ৰতিষ্ঠা কৰে ৷ এই অনুষ্ঠানত অগনন জনতাৰ লগতে উপস্থিত থাকে চতিয়াৰ বিধায়ক পদ্ম হজৰিকা।
Also Read: সঞ্জীৱ