'এই ফুটেজখিনি ইয়াত মিলা নাই নেকি...'-কোনো আপত্তি নকৰাকৈয়ে বিচৰা ধৰণেই তুমি সেইবোৰ সলনি কৰি দিছিলা। কোনটো খবৰ কিমান মানুহে চাইছে সেই খবৰো ৰাখিছিলা। তোমাৰ হাতত পৰিহে খবৰবোৰ খবৰ হৈছিল। মানুহৰ কাষ পাইছিলগৈ।
আমি বাকৰুদ্ধ। চকীখন শূণ্য, কম্পিউটাৰটো নিঃসংগ। তোমাৰ উপস্থিতিয়ে জীয়াই তোলা সেই সময়বোৰ আজি মৌন। কেইটানো বসন্ত ? ৩৫ টাহে। কিয় ইমান কম দিনৰ বাবে ঈশ্বৰে তোমাক মৰতৰ ঠিকনা দিলে ?
সপোনবোৰ তোমাৰ শেষ হৈ গ'ল। যকৃত ৰোগৰ ব্যয়বহুল চিকিৎসাবোৰ অথলে গ'ল। কিমান মৰমৰ আছিল তুমি সেই প্ৰমাণ চাবলৈ তুমিয়েই নাই। তোমাৰ চিকিৎসাৰ বাবে সকলো ব্যৱস্থা, যোগাযোগ কৰি দিয়া মানুহজনৰ চকুতো আজি চকুপানী। তুমি নেদেখিলা খামীডাঠ মানুহজন কিমান অস্থিৰ হৈ পৰিছিল। গীতামন্দিৰৰ ঘন এন্ধাৰবোৰ তাৰ সাক্ষী হৈ ৰৈছিল।
প্ৰকাশ দা (প্ৰকাশ মহন্ত) আপুনি যাওঁকগৈ,শ্মশানলৈ যাব নালাগে,আমি যাম বুলি তেওঁক তোমাৰ ঘৰৰ পৰা নিশা ১১-৩০ বজাত ঘৰলৈ পঠিয়াই দিয়াৰ পাছতো মানুহজন ৰৈ আছিল আধা বাটত। তোমাৰ নশ্বৰদেহ নৱগ্ৰহলৈ কঢ়িয়াই নিয়া বাহনখন পাৰ হোৱা পাছত পুৱা ৬-০০ বজাৰ পৰা তোমাকলৈ ব্যস্ত মানুহজন বেলতলা ঘৰলৈ উভতিছিল। ঘৰতো অকলে অকলে বহি তোমাৰ কথাকে ভাৱিছিল। টুপ টুপকৈ ক'ব নোৱাৰাকৈয়ে তেওঁৰ চকুপানী তেতিয়াও সৰিয়েই আছিল।
অসুখ হৈছিল,চিকিৎসা চলিছিল। অসুখৰ বাবে কোনো দিনেই কামক আওকান কৰা নাছিলা,কোনোবা দিনা অলপ সময়ৰ বাবে হ'লেও অফিছ আহোতে দেৰি হ'ব পাৰে বুলি ভাবিলে সেইধৰণে কামবোৰ কৰিবলৈ পৰিকল্পনা কৰিছিল।
মৃত্যুৰ আগদিনা ৰাতি ১১-০০ বজাত বিস্মিতাক তুমি কৰা ফোন কলটোৰ কথা আজি ওলাইছে। ৯-০০ বজাত পাই অলপ সময়ৰ বাবে কিবা এটা পৰীক্ষা কৰিবলৈ যাব লাগিব বুলি কৈ সেইধৰণে বিস্মিতাক নিউজৰ পেকেজবোৰ সাজু কৰি ৰাখিবলৈ কৈছিলা।
তোমাৰ কাষতে বহা বিস্মিতাই তোমাৰ মৃত্যুৰ খবৰটো ভয়ছ অ'ভাৰ দিব নোৱাৰিলে। তুমি বহা চকীখনৰ কাষত বহি তোমাৰ কথাকে পাতিছো আমি। চেপ্তেম্বৰৰ ২৩ নে ২৪ তাৰিখে কি আছিল তোমাৰ ? বিবাহ বাৰ্ষিকী নে আন কিবা ? সেই কথা তুমি ন'কলা। বন্দনাই মনত পেলাইছে তুমি দৰমহা পালেই তাইকলৈ পত্নীৰ বাবে এযোৰ খাৰু কিনিবলৈ যোৱাৰ কথা কৈছিলা।
তোমাৰ ৰসাল কথাবোৰ,মিহি হাঁহিটো কোনোও মনৰ পৰা মচিব পৰা নাই। বিবেক,বিশ্ব,প্ৰিয়ংকা,পাৰভেজহঁতৰ মুখত মাত নাই। বৰ্ষা,পল্লৱী,লশ্মিতাহঁতৰ সেমেকো চকুবোৰত ভাহি অহা বেদনা তুমি নেদেখিলা।
তোমাৰ নশ্বৰদেহৰ কাষত অসহায় হৈ ৰৈ থকা সৌম্যদ্বীপ,জয়দীপ,ইয়াজুল,বন্দনা,বৰ্ষা আদি সহকৰ্মীসকলে কেনেকৈ বিশ্বাস কৰে নাই বুলিলেই আগদিনালৈকে একেলগে থকা সঞ্জীৱ আৰু নাই বুলি।
পল্লৱীয়ে আজিৰ পৰা তোমাক নকয়-'সঞ্জীৱ দা পেকেজ এটা আছে ল'বচোন' ! ভাস্কৰে চিঞৰ মাৰি তোমাক নোসোধে আৰু- 'সঞ্জীৱ দা ক'মাটোৰ এংকৰ শ্বুট কৰিম লাইটটো থিকে আছে নে চাই দিয়ক না।'
তুষাৰৰ সৈতে আৰু পতা নহয় 'তুমি নিজৰ স্বাস্থ্যকলৈ কিমান সচেতন আছিলা।' তৃষ্ণাই তোমাৰ ব্যস্ততাৰ মাজতে কোনোবা বুলেটিনৰ পৰা ফেচবুকত আপলোড দিবলৈ পেকেজ এটা কাটি দিবলৈ আৰু কেতিয়াও নকয়।
কৰিশ্মিতাক আৰু 'কেৰী' বুলি জোকাবলৈ উভতি নাহা তুমি। হিমাশ্ৰীহঁতৰ গধুৰ মনবোৰত এতিয়া কেৱল তোমাৰেই স্মৃতি। নীতাশ্ৰীয়ে চিঞৰি তোমাক নকয়-সঞ্জীৱ দা গ্ৰাফিকছ হৈছে।
তোমাৰ অনুপস্থিতিত তোমাৰ বন্দনা চলিছে। পূৰ্বতে তোমাৰ সৈতে কাম কৰা মণিমুগ্ধহঁত দৌৰি আহি অফিচতে তোমাৰ বাবে হুমুনিয়াহ এৰিছে। বাহিৰত বাৰিষাৰ বতৰৰ বৰষুণৰ টোপালবোৰ শোকৰ বতৰালৈ মাটিত সৰিছে।
তোমাৰ মা-দেউতা,পৰিয়াল স্বজনৰ হৃদয় ভগা কান্দোনবোৰে গীতামন্দিৰ পাহাৰত শোকৰ লহৰ তুলিছিল। তোমাৰ গাত পৰি কান্দি কান্দি বাউলী হৈ পৰিছিল আইতাজনী।
শ্মশানলৈ নিয়াৰ আগতে তোমাৰ মুখখন শেষৰ বাবে চাই তোমাৰ মায়ে চোতালতে থকা মধুৰীজোপাৰ পৰা মধুৰী দুটা আনি তোমাৰ মূৰৰ কাষত থৈছে। তুমি মধুৰী বৰ ভালপোৱা বুলি কৈ উচুপি উঠা মানুহজনীক শান্তনা দিবলৈ আছে জানো কাৰোবাৰ ভাষা।
তোমাৰ সৈতে ইমান দিনে ছাঁৰ দৰে লাগি থকা তোমাৰ পত্নী আজি অকলশৰীয়া। কপালৰ পৰা মচি দিয়া হ'ল তুমি নিজৰ কৰি আনোতে সেওতাত দিয়া সেন্দূৰৰ ৰঙা ঠিকনা। বাবা বাবা বুলি চিঞৰি তোমাৰ নশ্বৰদেহৰ আশে-পাশে ঘূৰি ফুৰা তোমাৰ দেউতাৰ পুত্ৰক হেৰুওৱাৰ দুখে সকলোকে অস্থিৰ কৰি তুলিছে।
তোমাৰ পোহনীয়া কুকুৰটোৱে বাৰে বাৰে দৌৰিছিল তোমাৰ কাষলৈ। কিজানি তুমি উঠি বহা,কাষলৈ তাক মাতা সেয়াইতো আছিল তাৰো শেষ আশা। মানুহৰ দৰে সিয়ো বুজিছিল কিবা এটা হৈছে তোমাৰ। তুমি নোহোৱাৰ পাছৰ কথা এইবোৰ।
অসমীয়া প্ৰতিদিন ডিজিটেলৰ ভিডিঅ' এডিটৰে নহয়,তুমি আছিলা আমাৰ সকলোৰে প্ৰিয় মানুহ। চন্দ্ৰযান-৩ সফল অভিযানৰ দিনা বিক্ৰমাৰ সফল ছফট লেণ্ডিঙৰ সময়ত তুমিয়েতো চিঞৰিছিলা আনন্দত।
কেনেকৈ মচি দিও এইবোৰ স্মৃতি ? অহা আৰু যোৱা প্ৰকৃতিৰ চিৰন্তন নিয়ম বুলি জানে সকলোৱো। তথাপিও মনে যে কিছুমান কথা নামানে। উদাস হৈ সকলোৱো তোমাৰ সৈতে কটোৱা মধুৰ সময়বোৰ ঘূৰাই আনিছে। তুমি নহ'লেও আছে সেই সময়, আছে সেই ভাল লগা স্মৃতি। তাকেই সুঁৱৰি সকলোৱো বিচাৰিছে তোমাক। সঞ্জীৱ চৌধুৰী এতিয়া এনেকৈয়ে বিচাৰি ফুৰিছোঁ তোমাক।