শিক্ষা প্ৰশাসক দামোদৰ শৰ্মাৰ বিয়োগত 'বিজয়া হাইটছ কল্যাণ সমিতি'ৰ শোক প্ৰকাশ

সুদক্ষ অধ্যাপক তথা শিক্ষা প্ৰশাসক হোৱাৰ উপৰি প্ৰয়াত শৰ্মা আছিল এগৰাকী সুনিপুণ অভিনেতা, নাট্যকাৰ আৰু খেলুৱৈ।
শিক্ষা প্ৰশাসক দামোদৰ শৰ্মাৰ বিয়োগত 'বিজয়া হাইটছ কল্যাণ সমিতি'ৰ শোক প্ৰকাশ

ডিজিটেল ডেস্ক : যোৱা ২১ জানুৱাৰী ২০২৪ৰ পুৱা ৪-৫৮বজাত নিউ গুৱাহাটীস্থিত 'বিজয়া হাইটছ এপাৰ্টমেণ্ট' নিবাসী শিক্ষা প্ৰশাসক দামোদৰ শৰ্মাৰ মুম্বাইস্থিত এখন ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৫ বছৰ।

অধ্যাপক শৰ্মাই সুদীৰ্ঘ বৰ্ণাঢ্য শিক্ষা জীৱন সফলতাৰে অতিক্ৰম কৰি ১৯৯৭ চনত গুৱাহাটীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ অধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰিছিল। উল্লেখ্য যে, ইয়াৰ পূৰ্বে তেওঁ জালুকবাৰীস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, শিলচৰ প'লিটেকনিক, যোৰহাটস্থিত প্ৰিন্স অৱ ৱেলছ অভিযান্ত্ৰিক প্ৰযুক্তি প্ৰতিষ্ঠানত অধ্যাপনা কৰাৰ উপৰি ডিব্ৰুগড় প'লিটেকনিক, গোলাঘাটৰ ছোৱালী প'লিটেকনিক আৰু অসম টেক্সটাইলৰ অধ্যক্ষৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।

সুদক্ষ অধ্যাপক তথা শিক্ষা প্ৰশাসক হোৱাৰ উপৰি প্ৰয়াত শৰ্মা আছিল এগৰাকী সুনিপুণ অভিনেতা, নাট্যকাৰ আৰু খেলুৱৈ। ২০১৮ চন পৰ্যন্ত গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথৰ শান্তি উপ-পথ নিবাসী শৰ্মা সেই অঞ্চলৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সক্ৰিয় সদস্য আছিল।

২০১৮ চনৰ আগষ্ট মাহত অধ্যাপক দামোদৰ শৰ্মাই নিউ গুৱাহাটীস্থিত 'বিজয়া হাইটছ এপাৰ্টমেণ্ট'ৰ নিবাসী হোৱাৰ পৰা 'বিজয়া হাইটছ কল্যাণ সমিতি'ৰ এগৰাকী সক্ৰিয় সদস্য আছিল। একেধাৰে এগৰাকী নাট্যকাৰ,অভিনেতা তথা শিক্ষাবিদ দামোদৰ শৰ্মাই মৃত্যুৰ সময়ত ইহসংসাৰত এৰি থৈ যাই তেওঁৰ পত্নী, দুগৰাকী পুত্ৰ, তিনিগৰাকী ৱোৱাৰী তথা নাতি-নাতিনীকে ধৰি আত্মীয় স্বজন আৰু বহু গুণমুগ্ধ ব্যক্তিক।

শিক্ষা প্ৰশাসক শৰ্মাৰ বিয়োগত 'বিজয়া হাইটছ'ৰ আবাসীসকলে ২১ জানুৱাৰীৰ সন্ধিয়া ৬-০০ বজাত এখন শোকসভা অনুষ্ঠিত কৰি তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

শিক্ষা প্ৰশাসক দামোদৰ শৰ্মাৰ বিয়োগত 'বিজয়া হাইটছ কল্যাণ সমিতি'ৰ শোক প্ৰকাশ
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে দৰংগামেলাত শোভাযাত্ৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in