/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/dad36182-965a-45f6-80ab-250c6275e287/1.jpg)
ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ টিহু জাতীয় বিদ্যালয়ত ৫জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই উপলক্ষে বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকাৰ পৌৰোহিত্যত হোৱা পৰিৱেশ সজাগতা সভা এখনত শিক্ষাৰ্থী ৰিচা শৰ্মা, অনন্যা ভট্ট তথা শিক্ষক অনুপম বৰ্মন, মণিমালা ভট্ট আৰু নিৰঞ্জন দত্তই প্ৰাসংগিক বিষয়ত ভাষণ দিয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e42e2d59-6bd5-47f5-91bc-d1d20875949c/dc392c29-0655-4890-b068-e0b63dee6f63.jpg)
অনুষ্ঠানত টিহু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে বিদ্যালয়খনলৈ আহি ৰোপণৰ বাবে কেইবাটিও গছপুলি প্ৰদান কৰে। ইয়াৰ পূৰ্বে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত মুকলি কুইজ প্ৰতিযোগিতা এখন সম্পন্ন হয়। শিক্ষয়িত্ৰী ঋতা গোস্বামী, পাৰুলৰাণী গোস্বামী, দীপাঞ্জলি পাঠক, জুৰি ডেকা, ভণিতা লহকৰ আৰু লিপিকা ডেকাৰ সহযোগত মুকলি কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে শিক্ষক চিন্ময় দাস, ভাস্বতী লহকৰ, ত্ৰিৱেনী ডেকা, ডিম্পল ডেকা, লীনাশ্ৰী ঠাকুৰীয়া আৰু হিমাংশু দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/2bd63c3b-0434-49d5-a7a8-5f8155a95916/74ff4994-ae84-4f56-8b63-c0b9977f42d2.jpg)
প্ৰতিযোগিতাখনত শিক্ষাৰ্থী বর্ণিল মেধি, লিজা ডেকা, হৃদিক দাস, স্নেহা ডেকা, ৰিচা শৰ্মা, তৃপ্তিৰাণী কলিতা, বিকি দাস, চানদীপ কলিতা, নিমৃত তালুকদাৰ, মানসপ্রতিম কলিতা, ময়ূখ ব্রহ্ম, তন্ময় গোস্বামী, নূপুৰ দাস আৰু ৰিম্পী ৰয়ে কুইজ প্ৰতিযেগিতাত গুটীয়াভাৱে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। তেওঁলোকক লগে লগে পুৰস্কাৰ প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/18ce42da-abb3-4678-bd57-60c14be563ed/04d8ee71-043e-4505-92b0-02db2f3b02cb.jpg)
Also Read: নীট পৰীক্ষাত ধলাইবিলৰ ভাৰ্গৱ বৰাৰ সাফল্য