/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1eb517cf-9dec-432e-8586-a541b58dfb86/nalbari_bidyasagar.jpg)
ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহুৰ পিপলিবাৰী গাঁৱৰ বিদ্যাসাগৰ তালুকদাৰে অধ্যৱসায়, একাগ্ৰতা আৰু সাধনাৰ ফলত সৰ্বভাৰতীয় পৰ্যায়ত জিলিকি উঠিছে। ভাৰতীয় লোকসেৱা আয়োগৰ সদ্যঘোষিত পৰীক্ষাৰ ফলাফল মৰ্মে বিদ্যাসাগৰ তালুকদাৰে তথ্য সেৱা বিভাগত সৰ্বভাৰতীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰি জন্মভূমি টিহুৰ লগতে সমগ্ৰ ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখযোগ্য যে সমাজকৰ্মী খগেন্দ্ৰনাথ তালুকদাৰ আৰু অনিমা তালুকদাৰৰ সন্তান বিদ্যাসাগৰ তালুকদাৰে ইতিমধ্যে তেওঁ কৃষিৰ স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানত উত্তীৰ্ণ হৈ তথ্য মন্ত্ৰণালয়ৰ শিলচৰত চাকৰিত নিয়োজিত হৈ আছে। এনে সময়তে ভাৰতীয় লোক সেৱা আয়োগৰ ভাৰতীয় তথ্য সেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হয় আৰু সৰ্বভাৰতীয় পৰ্যায়ত এই সফলতা অৰ্জন কৰে।
বিদ্যাসাগৰ তালুকদাৰৰ এনে সফলতাত স্থানীয় বিধায়ক তথা খাদ্য আৰু অসামৰিক যোগান আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাস, নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা,সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, অসম জাতীয় বিদ্যালয়ৰ সচিব ডাঃ নাৰায়ণ শৰ্মাই অভিনন্দন জ্ঞাপন কৰে।
ইয়াৰোপৰি টিহু মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কিশোৰ কুমাৰ তালুকদাৰ,ভৱানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ মুকুন্দ শৰ্মা, টিহু পৌৰ সভাৰ পৌৰপতি হিমানী মজুমদাৰ,উপ পৌৰপতি ডঃ সুৰজিৎ বৰ্মন, টিহু সাহিত্য সভাৰ প্ৰাক্তন সভাপতি সোমনাথ ডেকা, বিজেপিৰ নেতা পাৰ্থপ্ৰতিম তালুৰদাৰ, হাৰিভাঙা সাহিত্য সভা, টিহু সাহিত্য সভা, টিহু মহকুমা সাংবাদিক সন্থা, টিহু ৰাজহুৱা পুথিভঁৰাল সমিতি, টিহু আঞ্চলিক উন্নয়ন সমিতি, টিহু নগৰ উন্নয়ন সমিতি, টিহু শাখা লেখিকা সমাৰোহ সমিতি, টিহু আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিহু আঞ্চলিক সমিতি, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ টিহু শাখা আদি অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে আন্তৰিক অভিনন্দন জনায়।
Also Read: গোবিন্দপুৰ এম ভি স্কুলত গ্ৰীষ্মকালীন শিবিৰৰ সফল সামৰণি