নলবাৰীত বন্দে ভাৰত এক্সপ্ৰেছে খুন্দা মাৰিলে গৰুক, ক্ষতিগ্ৰস্ত...

নলবাৰীত বন্দে ভাৰত এক্সপ্ৰেছে খুন্দা মাৰিলে গৰুক, ক্ষতিগ্ৰস্ত...

ডিজিটেল ডেস্কঃ বন্দে ভাৰত এক্সপ্ৰেছৰ পুনৰ অঘটন । নলবাৰীত বন্দে ভাৰত এক্সপ্ৰেছে খুন্দা মাৰিছে গৰুক । ফলত এক্সপ্ৰেছখনৰ সন্মুখৰ ভাগ ক্ষতিগ্ৰস্ত হৈছে । খবৰ অনুসৰি এক্সপ্ৰেছখনে পশ্চিম বংগৰ নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতেই গৰুক খুন্দা মাৰে ।

এই ঘটনাটো সংঘটিত হৈছে শনিবাৰে আবেলি । মাত্ৰ এমাহ পূৰ্বেই প্ৰধানমন্ত্ৰী মোডীয়ে উত্তৰ-পূবত মুকলি কৰিছিল এই দ্ৰুতগতিৰ এক্সপ্ৰেছখন । উল্লেখ্য যে এইটোৱেই প্ৰথম ঘটনা নহয় । ইয়াৰ পূৰ্বেও ভাৰতৰ অন্য ৰাজ্যত বন্দে ভাৰত এক্সপ্ৰেছে গৰুক খুন্দা মাৰি দুৰ্ঘটনাত পতিত হোৱাৰ উদাহৰণ আছে ।

ৰাজস্থানৰ আলৱাৰ জিলাত অন্য এখন বন্দে ভাৰত এক্সপ্ৰেছে গৰুক খুন্দা মাৰিছিল । গৰুক খুন্দা মৰাৰ ফলত ৰে'ল লাইনৰ কাষতে থকা এজন লোকৰ গাতে গৰুটো পৰিছিল । যাৰ ফলত মৃত্যু পৰ্যন্ত হৈছিল লোকজনৰ ।

নলবাৰীত বন্দে ভাৰত এক্সপ্ৰেছে খুন্দা মাৰিলে গৰুক, ক্ষতিগ্ৰস্ত...
ৰূপহীহাটত ভয়ংকৰ অগ্নিকাণ্ড, সম্পূৰ্ণৰূপে জাহ গ'ল ৫খনকৈ দোকান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in