টিহু জাতীয় বিদ্যালয়ত শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন...

টিহু জাতীয় বিদ্যালয়ত শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন...

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত নলবাৰী জিলা ভিত্তিত আয়োজিত আৰু সৃ্দ্য ঘোষিত বৃত্তি পৰীক্ষাৰ ফলাফল অনুসৰি টিহু জাতীয় বিদ্যালয়ৰ বহুকেইগৰাকী শিক্ষাৰ্থীয়ে কৃতিত্ব অৰ্জন কৰিছে। এই কৃতী শিক্ষাৰ্থীসকলক ১০ এপ্ৰিলত বিদ্যালয়খনৰ প্ৰাতঃসভাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধৰণী ডেকা, বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰে।

শ্ৰেণী ভিত্তিত আয়োজিত এই পৰীক্ষাৰ ফলাফল অনুসৰি বিদ্যালয়খনৰ ২৫গৰাকী শিক্ষাৰ্থীয়ে নিজৰ নিজৰ কৃতিত্ব দেখুৱাবলৈ সক্ষম হৈছে। বিদ্যালয়খনৰ দ্বিতীয় শ্রেণীৰ শিক্ষাৰ্থী কৃতার্থ শর্মাই দ্বিতীয় স্থান অধিকাৰ কৰিছে। প্রমাণপত্র লাভ কৰিছে ক্ৰমে শুভময় বৰুৱা, জিনিলিয়া কলিতা, প্রিয়ম পাঠক আৰু দেৱাংশী কাশ্যপে। তৃতীয় শ্রেণীৰ শিক্ষাৰ্থী কমলিকা শর্মাই তৃতীয় স্থান লাভ কৰিছে।

স্বপ্ননীল মহন্তই, চতুৰ্থ শ্রেণীৰ শিক্ষাৰ্থী লিজা ডেকা, প্রিয়ম ডেকা, ৰিম্পী ৰয় আৰু অর্ণৱ শৰ্মাই লাভ কৰিছে প্ৰমাণপত্ৰ। পঞ্চম শ্রেণীৰ শিক্ষীৰ্থী তন্ময় গোস্বামীয়ে তিনিশ টকীয়া বৃত্তি লাভ কৰিছে। প্রমাণপত্র লাভ কৰিছে কুনাল বেজবৰুৱা, নূপুৰ দাস, অংকিতা শর্মা আৰু ভার্গৱজ্যোতি কলিতাই।

ইয়াৰ সমান্তৰালকৈ ষষ্ঠ শ্রেণীৰ শিক্ষাৰ্থী অনুৰাগ প্রবীৰ ডেকা আৰু মাধুর্য ডেকাই প্রমাণপত্র লাভ কৰিছে। সপ্তম শ্রেণীৰ শিক্ষাৰ্থী ৰিতুৰাজ কাশ্যপে প্রমাণপত্ৰ লাভ কৰিছে। অষ্টম শ্রেণীৰ বর্ণিল মেধিয়ে লাভ কৰিছে তিনিশ টকীয়া বৃত্তি। অন্তৰীক্ষ কাশ্যপ আৰু দিশান্ত শর্মা, নৱম শ্রেণীৰ শিক্ষাৰ্থী ৰিচা শর্মা, ৰশ্মিতা পাঠক আৰু হিয়া শর্মাই প্রমাণপত্র লাভ কৰিছে।

টিহু জাতীয় বিদ্যালয়ত শিক্ষাৰ্থীক অভিনন্দন জ্ঞাপন...
নৱৰূপ জাতীয় বিদ্যাপীঠত ৰঙালী বিহু আদৰণী উৎসৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in