নৱৰূপ জাতীয় বিদ্যাপীঠত ৰঙালী বিহু আদৰণী উৎসৱ...

নৱৰূপ জাতীয় বিদ্যাপীঠত ৰঙালী বিহু আদৰণী উৎসৱ...

ডিজিটেল সংবাদ, নগাঁওঃ বিগত বৰ্ষৰ দৰে এইবাৰো নগাঁৱৰ অসমীয়া মাধ্যমৰ অগ্ৰণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যাপীঠ, নৱৰূপ কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আৰু শুভাকাংক্ষীসকলৰ সহযোগত বুধবাৰে ব্যাপক উচাহ -উদ্দীপনাৰে ৰঙালী বিহু আদৰণি উৎসৱটি অনুষ্ঠিত হয়।

বিদ্যালয়ৰ সমীপৱৰ্তী আমোলাপট্টি শিৱমন্দিৰ প্ৰাঙ্গনত আয়োজন কৰা উক্ত উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই নৱৰূপ জাতীয় বিদ্যাপীঠৰ সমূহ পৰিয়ালবৰ্গ, বিদ্যালয়ৰ সহস্ৰাধিক শিক্ষাৰ্থী, অভিভাৱক-অভিভাৱিকা তথা শুভাকাংক্ষীসকলক আগন্তুক ৰঙালী বিহুৰ ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰে।

আজি পুৱা ৯ বজাত আয়োজন কৰা অনুষ্ঠানত শিক্ষাৰ্থীসকলে জাতীয় সাজপাৰ পৰিধান কৰি বিহুৰ হুঁচৰি আৰু বিহু নৃত্যত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে- শিক্ষাৰ্থীসকলে ৰঙালী বিহুৰ মাদকতা আৰু উচাহ -উদ্দীপনাক উপলদ্ধি তথা অসমীয়া জাতিৰ ঐতিহ্য-পৰম্পৰাক চিনাকি কৰাই দিয়াৰ বাবে এই বিদ্যালয়খনে প্ৰয়াস চলাই আহিছে।

নৱৰূপ জাতীয় বিদ্যাপীঠত ৰঙালী বিহু আদৰণী উৎসৱ...
সক্ৰিয় ফ্লাইং স্কোৱাডঃ জব্দ প্ৰায় ১০২ কোটি টকা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in