দুবছৰে সন্ধান নাই পুত্ৰৰ : পদূলিমুখলৈ চাই বাট-ঘৰ দুৰ্ভগীয়া মাতৃৰ

দুবছৰে সন্ধান নাই পুত্ৰৰ : পদূলিমুখলৈ চাই বাট-ঘৰ দুৰ্ভগীয়া মাতৃৰ

ডিজিটেল সংবাদ,বৰক্ষেত্ৰী : নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত সাপকাটা গাঁৱৰ দ্বীপচৰণ ডেকা আৰু হৰিত্ৰা ডেকাৰ একমাত্ৰ পুত্ৰ দ্বিজেন ডেকা বিগত দুবছৰে নিৰুদ্দেশ হৈ আছে। একমাত্ৰ পুত্ৰ নিৰুদ্দিষ্ট হৈ থকাত চকু পানীৰে বাট নেদেখা অৱস্থাৰ সৃষ্টি হৈছে বৃদ্ধা মাতৃৰ ৷

উল্লেখ্য যে, পৰিয়ালে জনোৱা অনুসৰি দ্বিজেন ডেকা মানসিক ৰোগত আক্ৰান্ত আছিল। দুৰ্ভগীয়া পৰিয়ালটোৱে মানসিক ৰোগত আক্রান্ত পুত্ৰক বহুবাৰ মানসিক চিকিৎসা কৰিও সম্পূৰ্ণভাৱে সুস্থ হৈ উঠা নাছিল ।

মানসিক বিকাৰগ্ৰস্ত দ্বিজেন ডেকাই ২০২১ চনৰ ২ ছেপ্টেম্বৰৰ দুপৰীয়া ঘৰৰ পৰা ওলাই গৈ আজি পৰ্য্যন্ত ঘূৰি অহা নাই । দুৰ্ভগীয়া মাতৃয়ে ৩২ বছৰীয়া পুত্ৰৰ চিকিৎসাৰ বাবে ক্ৰয় কৰি অনা ঔষধ সমূহ লৈ আজিও ৰৈ আছে পদূলিমুখত ৷

ঘটনাৰ সংক্ৰান্তত দুৰ্ভগীয়া মাতৃয়ে মুকালমুৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে আজিলৈকে সন্ধান উলিয়াব নোৱাৰিলে । দুৰ্ভগীয়া মাতৃয়ে পুত্ৰক বিচাৰি আৰক্ষীৰ কাষ চাপিলেই কেৱল মাথো সান্তনা দিয়েই থানাৰ পৰা উভতাই পঠিয়াই দুৰ্ভগীয়া মাতৃগৰাকীক ৷

কোনো সদাশয় ব্যক্তিয়ে লোকজনৰ সম্ভেদ পালে ওচৰৰ আৰক্ষী থানাত খবৰ দিয়াৰ লগতে 9365737935 / 8876337610 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে ।

দুবছৰে সন্ধান নাই পুত্ৰৰ : পদূলিমুখলৈ চাই বাট-ঘৰ দুৰ্ভগীয়া মাতৃৰ
কামপুৰ প্ৰিণ্ট মিডিয়া এছ'চিয়েচনৰ প্ৰতিবাদ : স্বাস্থ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in