/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/d1a00f97-3a1d-4678-88a3-649f86c6a9ec/247.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ বৃহত্তৰ কামপুৰৰ এফ আৰ ইউখনৰ বিভিন্ন সমস্যাক লৈ বুধবাৰে কামপুৰ প্ৰিণ্ট মিডিয়া এছ'চিয়েচনে প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে অঞ্চলটো একমাত্ৰ এফ আৰ ইউ খনত দৈনিক শতাধিক ৰোগীয়ে চিকিৎসাৰ বাবে আহে যদিও বিগত প্ৰায় ২০-২৫ দিন ধৰি এক্স-ৰে মেচিন আৰু পৰীক্ষাগাৰৰ বহু গুৰুত্বপূৰ্ণ সা-সজুলি বিকল হৈ থকাত ৰোগীসকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ থকাৰ কথা জানিব পৰা গৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/28d6a797-cd2f-4dab-b97b-16692d6721aa/b81ef738_ea59_4f22_8adb_d01c36d3e66d.jpg)
সেয়েহে চিকিৎসালয়খনৰ চৌহদত কামপুৰ প্ৰিন্ট মিডিয়া এছ'চিয়েচনে প্ৰতিবাদ সাব্যস্ত কৰে। পুৱা ১০ বজাৰ দুপৰীয়া ২ বজালৈকে কামপুৰ প্ৰিন্ট মিডিয়া এছ'চিয়েচনৰ একাংশ সাংবাদিকে প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত সময়ছোৱাতে প্ৰতিবাদস্থলীত জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক অৰূপ জ্যোতি মহন্ত উপস্থিত হৈ কামপুৰ এফ আৰ ইউৰ সকলো সমস্যা কম দিনৰ ভিতৰতে সমাধান কৰা বুলি প্ৰতিশ্ৰুতি দিয়ে। তেতিয়াহে সাংবাদিকসকলে সাময়িকভাৱে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/89849ab5-4f8b-46b3-848f-875c7547fd52/c8531bf2_e15e_4955_9760_dc3c9259eba6.jpg)
ইফালে জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ জৰিয়তে স্বাস্থ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজি প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে কামপুৰ প্ৰিন্ট মিডিয়া এছ'চিয়েচনৰ সভাপতি সভাৰাম মজুমদাৰ সম্পাদক সমৰেন্দ্ৰ নাৰায়ণ বৰা, সাহিত্যিক মোলানা লস্কৰ, ছাত্ৰ নেতা মিণ্টু ৰাজখোৱা, সত্য বৰাকে আদি কৰি বহু কেইজন সাংবাদিক।
Also Read: কেন্দ্ৰীয় কাৰাগাৰ নগাঁৱৰ কয়দীৰ বাবে কম্পিউটাৰ আৰু সৌন্দৰ্য চৰ্চা প্ৰশিক্ষণ শিবিৰ মুকলি