হাৰিভাঙাত শিক্ষক প্ৰশিক্ষণ সমাপন ও ‘কিশলয়’ আলোচনী উন্মোচন...

নলবাৰী জিলাৰ টিহু মহকুমাৰ অন্তৰ্গত হাৰিভাঙা উচ্চ বুনিয়াদী বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ সমাপন
হাৰিভাঙাত শিক্ষক প্ৰশিক্ষণ সমাপন ও ‘কিশলয়’ আলোচনী উন্মোচন...

ডিজিটেল সংবাদ, নলবাৰী: নলবাৰী জিলাৰ টিহু মহকুমাৰ অন্তৰ্গত হাৰিভাঙা উচ্চ বুনিয়াদী বিদ্যালয়ত শিক্ষক-শিক্ষয়িত্ৰীৰ প্ৰশিক্ষণ সমাপন। প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিগৰাকী শিশুক প্ৰাকবিদ্যালয় স্তৰৰপৰা তৃতীয় শ্ৰেণীলৈ আকাংক্ষিত অৰ্হতা আহৰণত বিশেষ গুৰুত্ব দি চৰকাৰে কাৰ্যকৰী কৰা ‘নিপুণ অসম’ আঁচনিৰ অধীনত ২১ মাৰ্চত বিদ্যালয়খনত বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা অভিযান বিষয়ক শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে চাৰিদিনীয়াকৈ আয়োজন কৰা হয় প্ৰশিক্ষণ।

প্ৰশিক্ষণ সমাপন হোৱা উপলক্ষে আজি প্ৰশিক্ষিত শিক্ষয়িত্ৰী স্মৃতিৰেখা বৰাৰ সম্পাদনাৰে ‘কিশলয়’ নামৰ আলোচনীৰ উন্মোচন কৰা হয়। প্ৰশিক্ষিত শিক্ষক- শিক্ষয়িত্ৰীসকলৰ লেখাৰে সমৃদ্ধ এই আলোচনীখন উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই। আলোচনীখন উন্মোচন কৰি সম্পাদকগৰাকীয়ে কয় যে সাহিত্য প্ৰাত্যহিক সমাজজীৱনৰ দাপোণ স্বৰূপ । জাতি গঠনৰ শক্তিশালী ধাৰাক জাগ্ৰত ৰূপ দি অসমীয়া ভাষা সাহিত্যৰ চৰ্চা, বিকাশ, সমৃদ্ধি, প্ৰচাৰ আৰু প্ৰসাৰৰদৰে স্বআৰোপিত দায়িত্বক আগবঢ়াই নিবলৈও উন্মোচকগৰাকীয়ে ভাষণ প্ৰসংগত আহ্বান জনায়।

মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক হেমন্ত দাসে আদৰণি ভাষণ দি ২০২৭ চনৰ ভিতৰত "পঢ়িবলৈ শিকা আৰু শিকিবলৈ পঢ়া" বাণীৰে শিশুৰ সকলো দিশৰ বিকাশৰ বাবে শক্তিশালী বাতাৱৰণ সৃষ্টি কৰাটো আঁচনিখনৰ প্ৰধান উদ্দেশ্য বুলি অৱগত কৰে। অনুষ্ঠানত মণ্ডল সমল কেন্দ্ৰ সমন্বয়ক কুঞ্জন দুলাল তথা সমল ব্যক্তি হিচাপে ভাগ লোৱা শিক্ষক ধীৰাজ ৰাজবংশী আৰু হিমাংক কুমাৰ দাসেও অভিলাষী আঁচনিখনৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

হাৰিভাঙাত শিক্ষক প্ৰশিক্ষণ সমাপন ও ‘কিশলয়’ আলোচনী উন্মোচন...
আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in