জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ

জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ

author-image
Asomiya Pratidin
New Update
জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ বিজ্ঞান প্ৰদৰ্শনীত অংশগ্ৰহণ

ডিজিটেল সংবাদ,নলবাৰী : নলবাৰী জিলাৰ টিহুৰ সৰ্বেশ্বৰ দাস মহাবিদ্যালয়ত অনুষ্ঠিত ইলোৰা বিজ্ঞান মঞ্চৰ টিহু শাখাৰ দুই দশক পূৰ্ণ উপলক্ষে আয়োজিত বিজ্ঞান প্ৰদৰ্শনী আৰু মুকলি সভা অনুষ্ঠানত টিহুৰ নিকটৱৰ্তী জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে বিশেষভাৱে অংশগ্ৰহণ কৰে। প্ৰদৰ্শনীত সপ্তম মানৰ নৱজিৎ ৰামচিয়াৰী আৰু ধৃতিৰাজ কলিতাই বিজ্ঞান আৰ্হি (পানীৰ পাম্প) প্ৰদৰ্শন কৰে।

Advertisment

উল্লেখযোগ্য যে ইলোৰা বিজ্ঞান মঞ্চৰ টিহু শাখাই ২০২৩ বৰ্ষৰ হেমচন্দ্ৰ বৰুৱাৰ স্মৃতিত 'অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস’ জলখানা ভঠুৱাখানা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছিল। সেইদিনাৰ আলোচনাৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ মাজত ঘোষণা কৰা ৰচনা লিখা প্ৰতিযোগিতা অনুসৰি বিজয়ী শিক্ষাৰ্থীক এই মুকলি সভাত পুৰস্কাৰ প্ৰদান কৰা হয়।

ইলোৰা বিজ্ঞান মঞ্চৰ টিহু শাখাৰ সভাপতি কুলোশ চন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় সভাখনি। সমন্বয়ক ধীৰাজ গোস্বামীয়ে আঁত ধৰা মুকলি সভাৰ বঁটা বিতৰণী অনুষ্ঠানত পুৰস্কাৰ হিচাপে কিতাপ আৰু প্ৰমাণ পত্ৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকল হ'ল ক্ৰমে প্ৰথম সপ্তম মানৰ ধৃতিৰাজ কলিতা, দ্বিতীয় দ্বৈতভাৱে সপ্তম মানৰ পৰিষ্মিতা হালৈ আৰু বৃষ্টি দাস, তৃতীয় অষ্টম মানৰ ৰিম্পী কলিতা, নিশা ৰাজবংশী আৰু ধৃতাশ্ৰী হালৈ।

এই সভাত বিদ্যালয়ৰ দলটোক প্ৰতিনিধিত্ব কৰা শিক্ষয়িত্ৰী দৰ্পণা কলিতা আৰু বিজ্ঞান আৰ্হি প্ৰদৰ্শনত অংশগ্ৰহণ কৰা ছাত্ৰ নৱজিৎ ৰামচিয়াৰীয়ে নিজৰ অনুভৱ ব্যক্ত কৰে।

Also Read: বৰষুণৰ অপেক্ষাত উত্তৰ প্ৰদেশ-বিহাৰ, বিপৰীতমুখী ছবি অসমত...

science exhibition tihu