
ডিজিটেল সংবাদ,বাহাৰঘাট: নলবাৰী জিলাৰ বৰভাগৰ সীমামূৰীয়া বাহাৰঘাট অঞ্চলৰ মনসাপীঠ দেহাৰকুছিত শ্ৰীশ্ৰীনাগপঞ্চমী পূজা। তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শ্ৰীশ্ৰীনাগপঞ্চমী পূজাৰ ৰূপালী জয়ন্তী মহোৎসৱৰ সামৰণি অনুষ্ঠান বৃহস্পতিবাৰে মুঠ ২৯ খন পতাকা উত্তোলন আৰু এক বৰ্ণাঢ্য ধৰ্মীয় শোভাযাত্ৰাৰে শুভাৰম্ভ কৰা হয়।
মহোৎসৱৰ বিভিন্ন কাৰ্যসূচীৰ লগত সংগতি ৰাখি দুপৰীয়া বিশিষ্ট সাহিত্যিক, নাট্যকাৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হয় ধৰ্মালোচনা সভা। সভাত আলোচক হিচাবে উপস্থিত থাকি নলবাৰী সংস্কৃত মহাবিদ্যালয়ৰ অধ্যক্ষ দ্বীপজ্যোতি বৰপূজাৰীয়ে কয় যে দশম শতিকাৰ পৰা মনসা পূজাই গোটেই ভাৰত প্ৰসাৰতা লাভ কৰিছে।
আন এগৰাকী আলোচক অসম ভৈয়াম জনজাতি উন্নয়ন বিভাগৰ যুটীয়া সচিব ভূপেশ চন্দ্ৰ দাসে ধৰ্ম আৰু ধাৰ্মিকৰ সন্দৰ্ভত এক বিশ্লেষণাত্মক বক্তব্য প্ৰদান কৰে । তেওঁ কয় এক শক্তিশালী অদৃশ্য শক্তিৰ বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত ।
উক্ত সভাতে ৰূপালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি সাংবাদিক নয়ন কুমাৰ শৰ্মাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতি গ্ৰন্থ 'মা মনসা' উন্মোচন কৰি সাহিত্যিক ধ্ৰুৱজ্যোতি শৰ্মাই কয় যে- "গ্ৰন্থই কালাতীতভাৱে ইতিহাসক বান্ধি ৰাখিছে। মানৱীয় চেতনাক দৈৱিক শক্তিৰ ধাৰণাৰে উদ্বুদ্ধ কৰিব পাৰে কেৱল গ্ৰন্থইহে ।
সেয়ে স্মৃতিগ্ৰন্থৰ মহত্ব অসীম। স্মৃতিগ্ৰন্থই এটা অঞ্চলৰ সামাজিক, সাংস্কৃতিক বৌদ্ধিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক দিশতো সুন্দৰভাৱে অংকন কৰে।" উন্মোচনত সহায় কৰে দেহাৰকুছি গাঁৱৰ বিশিষ্ট নাগৰিক ডা° চন্দ্ৰকান্ত শৰ্মা, বৰভাগ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিৰিঞ্চি চৌধুৰীয়ে।
ভাষণত ড° চৌধুৰীয়ে দেহাৰকুছি অঞ্চলত পূৰ্বৰে পৰা আয়ুৰ্বেদিক চিকিৎসাৰ প্ৰচলনৰ উমান স্মৃতি গ্ৰন্থখনত পোৱা বুলি উল্লেখ কৰে ৷ তেওঁ কয় সকলো স্মৃতি গ্ৰন্থই ইতিহাস ৷ শলাগৰ শৰাই আগবঢ়াই ভূষণ শৰ্মাই।
সভাৰ পূৰ্বে পুৱাৰ ভাগত সমূহীয়া চাফাই ইয়াৰ পিছতে মন্দিৰৰ পতাকা উত্তোলন কৰে মনসাপীঠ নিৰ্মাণ সমিতিৰ সভাপতি শৈলেন চন্দ্ৰ শৰ্মাই, ধৰ্মীয় পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ধীৰেন শৰ্মাই, ৰূপালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি ২৭ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৭ খন পতাকা উত্তোলন কৰা হয়।
স্মৃতি তৰ্পণ কৰে মনসাপীঠ নিৰ্মাণ সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি অম্বুনাথ শৰ্মাই, গছপুলি ৰোপণ কৰে ৰাজেন শৰ্মা, মণিৰাম দাস আৰু হৰেন লহকৰে, ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ নিৰঞ্জন চন্দ্ৰ ডেকাই ৷ সন্ধিয়া মংগল বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী ৰবিদত্ত শৰ্মাই ।
আনহাতে ৰূপালী জয়ন্তী মহোৎসৱৰ লগত সংগতি ৰাখি ২৭ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৭ গছি বন্তি প্ৰজ্বলন, দ্বীপযজ্ঞ, টোপধ্বনি আৰু আটচবাজী প্ৰজ্বলন কৰে ৰাজেন শৰ্মা আৰু ভবেন কলিতাই ৷ ইয়াৰোপৰি ৭ জুলাইত ঘটস্থাপন, পূজাৰম্ভ, ওজাপালি প্ৰদৰ্শন, আয়তীৰ নামপ্ৰসংগ, বলি উচৰ্গা আৰু বলিদান, সমূহীয়া শান্তি প্ৰদান, দেৱীৰ প্ৰসাদ আৰু ভোগ বিতৰণ, দেৱীৰ নৈবদ্য আৰু উচৰ্গিত ভোগ পাত্ৰ বিতৰণ, আমন্ত্ৰিত পাঠক বলেন শইকীয়া আৰু ভবেন চন্দ্ৰ কলিতাৰ নাগাৰা নাম প্ৰদৰ্শন ৷ ৮ জুলাই ৰাতিপুৱা সমূহীয়া চাফাই অভিযান আৰু ট্ৰিনিটাচ হস্পিতাল গুৱাহাটীৰ বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হ'ব আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়াত গীত-মাত পৰিৱেশন কৰিব।