দৌলাশালত মুকবধিৰ কিশোৰ উদ্ধাৰ : এতিয়ালৈ হোৱা নাই চিনাক্ত

দৌলাশালত মুকবধিৰ কিশোৰ উদ্ধাৰ : এতিয়ালৈ হোৱা নাই চিনাক্ত

ডিজিটেল সংবাদ, দৌলাশাল: যোৱা তিনি দিন ধৰি এজন বিশেষভাৱে সক্ষম কিশোৰ নলবাৰী জিলাৰ দৌলাশাল অঞ্চলত আশ্ৰয় লৈ আছে। কিশোৰজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই। জানিব পৰা মতে, যোৱা ২ নৱেম্বৰ, বৃহস্পতিবাৰে নিশা দৌলাশাল চ'ক বজাৰৰ এখন বন্ধ দোকানৰ টেবুলৰ তলত শুই থকা অৱস্থাত উদ্ধাৰ কৰা হয় মুকবধিৰ কিশোৰটোক ৷

দৌলাশাল গাঁৱৰ হৃদয়বান যুৱক দীনেশ নাথে মুকবধিৰ কিশোৰজনক তেনেকৈ অনাশ্ৰয়-অনাদৃত হৈ থকা দেখি নিশা তেওঁৰ ঘৰলৈ লৈ যায় ৷ ১২/১৩ বছৰীয়া কিশোৰজনক নিশা আহাৰৰ ব্যৱস্থা কৰি দীনেশ নাথে তেওঁলোকৰ ঘৰতে আশ্ৰয়ৰ ব্যৱস্থা কৰি দিয়ে ৷ আজি তিনিটা দিন খুব ভাল ধৰণেৰেই হাঁহি -ধেমালিৰে পাৰ কৰিছে কিশোৰজনে । মুখেৰে কথা ক'ব নোৱাৰা কিশোৰজনৰ কোনো ঠিকনা উলিয়াব নোৱাৰি বিপাঙত পৰিছে আশ্ৰয়দাতা পৰিয়ালটোৱে।

ইতিমধ্যে সামাজিক মাধ্যমত কিশোৰজনৰ বাতৰি প্ৰচাৰ কৰা হৈছে যদিও অদ্যপি কোনো খা-খবৰ পোৱা নাই। দৌলাশাল আৰক্ষীৰ ওচৰতো দীনেশ নাথে ঘটনা সংক্ৰান্তত অৱগত কৰিছে যদিও এই পৰ্য্যন্ত দৌলাশাল আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷

যাত্ৰীবাহী বাছৰ কৰ্মচাৰী দীনেশ নাথৰ পৰিয়ালে বিগত তিনিটা দিনে কিশোৰজনক আদৰ- সাদৰকৈ ৰাখিছে যদিও অচিনাকি মুকবধিৰ কিশোৰজনক লৈ সমস্যাত ভুগা বুলি সোমবাৰে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

কিশোৰজন উদ্ধাৰ কৰা সম্পৰ্কত নলবাৰী শিশু কল্যাণ সমিতিৰ লগতো যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা চলোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ যদিহে কোনো সদাশয় লোকে কিশোৰজনৰ পৰিচয় জানিব পাৰে তেন্তে ৮৪৭২৮৮৮৫৯৭ অথবা ৯৮৬৪৩৫৫৮০৭ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় দীনেশ নাথৰ পৰিয়ালে।

দৌলাশালত মুকবধিৰ কিশোৰ উদ্ধাৰ : এতিয়ালৈ হোৱা নাই চিনাক্ত
নিৰ্বাচনৰ পূৰ্বে কেদাৰনাথ মন্দিৰ দৰ্শন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in