/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/bbe2001f-ae39-4065-afa3-d41d9b5ceca9/hari_mandir.jpg)
ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী ৰাস মহোৎসৱ সমিতিৰ প্ৰাক্তন উপ সভাপতি, নলবাৰী হৰিমন্দিৰৰ কাৰ্যনিৰ্বাহক তথা নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ অগ্ৰণী কৰ্মকৰ্তা প্ৰদীপ মল্ল বৰুৱাই বুধবাৰে নিশা প্ৰায় ১১-৩০ বজাত আকস্মিক মৃত্যুক সাৱটি লয়। মৃত্যুৰ সময়ত বৰুৱাৰ বয়স হৈছিল ৬৯ বছৰ।
সমাজ কৰ্মী বৰুৱাৰ মৃত্যু সমাজৰ বাবে অপূৰণীয় ক্ষতি বুলি বিবেচিত হৈছে। এই বাৰ্তা বৃহস্পতিবাৰে পুৱাৰ পৰাই নলবাৰী চহৰত বিয়পি পৰাত অজস্ৰ গুণমুগ্ধই প্ৰয়াত বৰুৱাৰ জৈন মন্দিৰৰ সমীপৱৰ্তী সোণপুৰস্থ বাসগৃহত ভিৰ কৰে আৰু শৱদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
পুণ্যাত্মা বৰুৱাৰ শৱদেহ স্বৰ্গৰথত তুলি নলবাৰী হৰিমন্দিৰ প্ৰাংগনত নি শোকদগ্ধ সতীৰ্থসকলে শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰপিছত নলবাৰী জিলা সাহিত্য সভা, নলবাৰী আৰ্ট স্কুল আদি অনুষ্ঠানত শেষ শ্ৰদ্ধা তৰ্পণ কৰে।
উল্লেখ্য যে চান্দকুছি ,বুজৰবৰুৱা চুবুৰীত স্বাধীনতা সংগ্ৰামী প্ৰয়াত সুৰেন মল্ল বৰুৱাৰ ঔৰষত জন্ম গ্ৰহণ কৰা প্ৰদীপ মল্ল বৰুৱাই আনুষ্ঠানিক শিক্ষা চান্দকুছি এম, ভি স্কুলত গ্ৰহণ কৰি চান্দকুছি পাব্লিক হাইস্কুলৰ পৰা সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। বাণিজ্য শাখাৰ স্নাতক বৰুৱাই আত্মনিৰ্ভৰশীলতাৰ পথ দেখুৱাই বাণিজ্যিক জীৱনৰ পাতনি মেলে আৰু সামাজিক কৰ্মত জড়িত হয়।
তেওঁ নলবাৰী হৰিমন্দিৰৰ কেবাটাও কাৰ্যকালৰ কাৰ্যনিৰ্বাহক নিৰ্বাচিত হৈছিল আৰু এটা কাৰ্যকালৰ উপ সভাপতি আছিল। নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যনিৰ্বাহক বৰুৱা নলবাৰী আৰ্ট স্কুলৰ সোণালী জয়ন্তীৰ সম্পাদক হোৱাৰ লগতে গুৰুজী আদ্য শৰ্মাৰ সপোনৰ অনুষ্ঠানটো পৰিচালনাত আগভাগ লৈছিল।
লগতে নলবাৰী ৰেডক্ৰছ চ'ছাইটিৰো নেতৃত্ব বহন কৰিছিল। মৃত্যুৰ সময়ত প্ৰয়াত বৰুৱাই বৃদ্ধা মাতৃ,পত্নী, দুগৰাকী কন্যা, জোঁৱাই, তিনি ভাতৃ আৰু পাঁচগৰাকী ভগ্নীক এৰি থৈ যায়।
Also Read: সংস্কৃতিৰ নাথাকে কোনো ভৌগোলিক পৰিসীমা : বিশ্বৰ দৰবাৰত জাতিৰ আয়ুস ৰেখা