/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/3d979e8b-5568-41e9-b6b5-39cba7b75ccc/AP_FOR_WEB_bihu_web.jpg)
ডিজিটেল ডেস্কঃ এটা জাতিৰ পৰিচয়ৰ বাবে অন্যতম উপাদান জাতিটোৰ সংস্কৃতি। সংস্কৃতিয়েই জাতিটোক লৈ যায় এই ব্ৰহ্মাণ্ডৰ ভিন্ন প্ৰান্তলৈ। বিশ্বৰ দৰবাৰত কোনো এটা জাতিক প্ৰতিনিধিত্ব কৰে জাতিটোৰ সংস্কৃতিয়ে। খাদ্য,সাজ-পাৰ,অলংকাৰ ইত্যাদিৰ মাজৰে সংস্কৃতিয়েই নিগৰাই লৈ আহে জাতিটোৰ মেটমৰা বিবিধ সম্ভাৰ। সংস্কৃতিৰ নাথাকে কোনো সীমনা।
ড০ ভূপেন হাজৰিকাই কৈ যোৱাৰ দৰেই বৃহত্তৰ অসমীয়া জাতিৰ আয়ুস ৰেখা বিহু। বিহু অসমীয়াৰ প্ৰাণ,বিহু অসমীয়াৰ মান। পোন প্ৰথমবাৰৰ বাবে বিহু বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ দুৱাৰদলিত উপস্থিত হৈছে। অৱশ্যে ইয়াৰ পূৰ্বেও বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ উদ্যোগত বিহুক বিশ্ববাসীৰ আগত চিনাকী কৰাই দিয়া হৈছিল। কিন্তু ইমান আহল-বহল আয়োজন নাছিল।
এইবাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্মুখৰ পৰা দিয়া নেতৃত্বৰ সুবাদতে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত অন্তৰ্ভুক্ত হোৱাৰ দিশে আগবাঢ়িছে অসমীয়া জাতিৰ আয়ুস ৰেখা বিহু। বিহু প্ৰতিষ্ঠা হ'ব বিশ্বৰ দৰবাৰত। সূচনা হ'ব নতুন দিগন্তৰ। সংস্কৃতিৰ নাথাকে কোনো ভৌগলিক পৰিসীমা। এই কথা সৰোগত কৰিয়েই প্ৰায় এমাহ পূৰ্বেৰ পৰা ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত সৰুসজাই ক্ৰীড়া প্ৰকল্পত চলিছে বিহুনাচৰ আখৰা।
য'ত অংশগ্ৰহণ কৰিছে ১১ হাজাৰ ১০৪ গৰাকী বিহুৱা-বিহুৱতীয়ে। এইসকল বিহুৱা-বিহুৱতীয়ে বৃহস্পতিবাৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বাবে অনুষ্ঠিত হোৱা অনুষ্ঠানত এইসকল বিহুৱা-বিহুৱতীয়ে অংশগ্ৰণ কৰে।
৩ হাজাৰ ঢুলীয়াৰ ঢোলৰ চাবত মুখৰিত হয় অসমৰ আকাশ। ৮ হাজাৰ ৭০০ নাচনীৰ নাচে মোহিত কৰে উপস্থিত থকা মুখ্যমন্ত্ৰী,মন্ত্ৰী,বিষয় ববীয়াৰ লগতে ৰাইজক। এয়াই প্ৰথম একেখন মঞ্চত একেলগে ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীৰ বিহু প্ৰদৰ্শন। ইতিহাসৰ পাতত সোণালী আখৰেৰে লিখা ৰ'ব অসমৰ নাম। বিশ্ববাসীয়ে প্ৰত্যক্ষ কৰিলে বৰ্ণণাতীত সৌন্দৰ্য। বিশ্ববাসীৰ চকুৰ পতাত জিলিকি উঠিল দেখিলে গামখাৰু,মুঠিখাৰু, জোনবিৰি আদি অসমীয়া গহণা।
জিলিকি উঠিল ঢোল,পেঁপা, গগণা,টকা আদি লোকবাদ্য। মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ এইকাৰণে শলাগিবলগীয়া যে বিহুক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ নামত অসমৰ চুকে-কোণে জন্ম হ'ল অসংখ্য বিহু দলৰ। বিহুক শুদ্ধ ৰূপত প্ৰতিষ্ঠা কৰাৰ মানসিকতা। আনহাতে দীৰ্ঘ বিৰতিৰ পাছত বিহুক মঞ্চৰ পৰা পুনৰ মুকলি আকাশৰ তলত প্ৰতিষ্ঠা কৰি বিহুৰ স্বকীয়তা প্ৰদান কৰাৰ লগতে তাৰ নিজা সৌন্দৰ্য বহন কৰাৰ এটা পৰিবেশ তৈয়াৰ হ'ল। এই প্ৰচেষ্টাৰ দ্বাৰা বিহু গীনিজত থাকি যোৱাৰ লগতে নৱ-প্ৰজন্মৰ মাজত বিহুৱে লাভ কৰিলে স্বমহিমা।
বিগত কিছুবছৰৰ পৰা একাংশ নৱ-প্ৰজন্মৰ মাজত বিহু সম্পৰ্কে ধাৰণা আছিল যে বিহু মানেই নামী-দামী শিল্পী অথবা চেলিব্ৰেটিৰ সংগীতানুষ্ঠান। গতিকে মুখ্যমন্ত্ৰীৰ এই প্ৰচেষ্টাৰ দ্বাৰা নৱ-প্ৰজন্মৰ মাজত সঞ্চাৰিত হৈ থকা এই ধাৰণাৰ অৱসান ঘটোৱাৰ প্ৰয়াস বুলিলেও বঢ়াই কোৱা নহ'ব। এই প্ৰচেষ্টাকে সৰোগত কৰি অনাগত দিনটো যাতে অসমৰ চুকে-কোণে বিহুক লৈ এই প্ৰচেষ্টা অৱ্যহত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us