টিহু লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ

সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড০ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি জ্বলায় তিলোত্তমা পাঠকে।
টিহু লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ

ডিজিটেল সংবাদ, নলবাৰী : নলবাৰী জিলাৰ টিহু অঞ্চলত সাহিত্য চৰ্চাৰ পৰিৱেশ প্ৰাণৱন্তেৰে বাৰুকৈয়ে সমাদৃত হোৱা টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উৎসৱৰ মঙলবাৰে শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আজি শাখা সমিতিৰ কাৰ্যালয়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

পুৱা টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰতিভা দেৱীয়ে সমিতিৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ সূচনা কৰে। ইয়াৰ পাছতে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড০ শীলা বৰঠাকুৰৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি জ্বলায় তিলোত্তমা পাঠকে।

ৰেখা ডেকা, ড০ কমলা ডেকা, প্ৰতিভা দেৱী, ড০ সাৱিত্ৰী বেজবৰুৱা আৰু বীণাপাণি কলিতা পাঠকে ৰূপালী জয়ন্তী শুভাৰম্ভণি অনুষ্ঠানৰ বন্তি জ্বলায়। স্মৃতি তৰ্পণ কৰে মামণি বেজবৰুৱা আৰু নীলিমা দেৱী ভাগৱতীয়ে। স্তুতি মন্ত্ৰ পাঠ কৰে নীলিমা দেৱী ভাগৱতী আৰু হীৰামণি হালৈয়ে।

ইয়াৰ পাছত টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰতিভা দেৱীৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয়। টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা অলকা বুজৰবৰুৱাই অনুষ্ঠান আয়োজনৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে।

সভাত শুভাৰম্ভণি ভাষণ দিয়ে টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ প্ৰাক্তন সভানেত্ৰী ড০ কমলা ডেকাই। সভাখনত সমিতিৰ উপদেষ্টা ক্ৰমে ৰেখা ডেকা আৰু প্ৰতিভা দেৱী(জ্যেষ্ঠ), নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা, সাংবাদিক অজিত কুমাৰ শৰ্মা আৰু টিহু মহকুমা ৰিপ'ৰ্টাৰ্ছ এচোছিয়েশ্যনৰ সম্পাদক কুমুদ বৰ্মন আদিয়ে শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে।

ইয়াৰ পাছত ‘ডঃ নিৰুপমা বৰগোহাঞিৰ সাহিত্যত নাৰীবাদ’ শীৰ্ষক আলোচনাচক্ৰ সঞ্চালনা কৰে টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী প্ৰতিভা দেৱীয়ে। আলোচনাচক্ৰত মুখ্য আলোচক হিচাপে বক্তব্য আগ বঢ়াই নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ নিৰ্মালী মহন্তই ড০ নিৰুপমা বৰগোহাঞিৰ বিভিন্ন ৰচনাৰ বিষয়ে ব্যাখ্যা আগবঢ়ৱাই কয় যে, সমাজ জীৱনত ভালদৰে নিৰীক্ষণ কৰিলে দেখা যায় যে নাৰীয়েহে নাৰীক বেছি দমন কৰে।

ইয়াৰ পাছত বিষয়বস্তু সন্দৰ্ভত চমু আলোচনা আগবঢ়ায় টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰে। সমিতিৰ প্ৰাক্তন সম্পাদিকা ড০ সাৱিত্ৰী বেজবৰুৱাই শলাগ জ্ঞাপন কৰাৰ পাছত অসম সংগীত পৰিৱেশনেৰে কাৰ্যসূচী সামৰা হয়।

উল্লেখযোগ্য যে এই অনুষ্ঠানৰ সৈতে সংগতি ৰাখি টিহু শাখা লেখিকা সমাৰোহ সমিতিৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱসো এই অনুষ্ঠানৰ জৰিয়তে পালন কৰা হয়।

টিহু লেখিকা সমাৰোহ সমিতিৰ ৰূপালী জয়ন্তী উৎসৱৰ শুভাৰম্ভ
কাইলৈৰ পৰা ৰঙিয়াত ইছলাম ধৰ্মাৱলম্বীৰ ইস্তেমা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in