/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/05e943c2-8156-41ab-97e1-b082965e4390/256.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : বিশ্ব শান্তি, ভ্ৰাতৃত্ববোধ আৰু ড্ৰাগছমুক্ত অসম গঢ়াৰ মানসেৰে ৰঙিয়াত বুধবাৰৰ পৰা ইস্তেমা অনুষ্ঠিত হ'ব। ৰঙিয়াৰ চিৰাখুন্দি শৌলমাৰী তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ইছলাম ধৰ্মাৱলম্বী ভক্তসকলৰ অন্যতম বৃহৎ ধৰ্মীয় সভাত বলিগ জামাতৰ ইস্তেমা।
উত্তৰ-পূব মণ্ডলৰ বাৰ্ষিক ইস্তেমাৰ এটা অংশ ১৪ ফেব্ৰুৱাৰী পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া ধৰ্মীয় অনুষ্ঠানটিত ৰাজ্যৰ ৭ খন জিলাৰ লগতে চুবুৰীয়া মেঘালয়ৰ এখন জিলা সামৰি ৫ লাখ ইছলাম ধৰ্মৰ ভক্তই অংশগ্ৰহণ কৰিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে । উল্লেখ্য যে বিগত প্ৰায় এমাহ ইছলাম ধৰ্মৰ লোকসকলে বিনা পাৰিশ্ৰমিকৰে অশেষ কষ্ট কৰি সহায় সহযোগিতা কৰাৰ লগতে দান বৰঙণি আগবঢ়োৱা ইস্তেমা আয়োজন প্ৰস্তুতি ইতিমধ্যেই তুংগত উঠিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8ec1d7dd-4e16-4631-ac64-18094ff21ed6/c3be3782_86b4_47e8_a18e_3fc2e6cf6805.jpg)
ইস্তেমাত কেইবালাখ লোক একেলগে নামাজ আদায়, খোৱা-বোৱা কৰিব পৰাকৈ সকলো সাজু কৰি তোলা হৈছে। প্ৰায় ৫০০ বিঘা মাটি সামৰি আয়োজন কৰা ইস্তেমাত আহিবলগীয়া ভক্তসকলৰ বাবে দিনে নিশা থকা শোৱাৰ পৰা আৰম্ভ কৰি শিবিৰৰ উপৰি সকলো ব্যৱস্থা সাজু হৈ পৰা পৰিলক্ষিত হৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/032ee30b-2242-4074-98d2-14e8b9957cef/eb7e96d9_0a99_41c2_b14c_c92b73403dc4.jpg)
ইফালে এই ইস্তেমাত বিশ্ব শান্তি ভ্ৰাতৃত্ববোধ সমাজৰ অসূয়া অমংগল আদি দূৰীকৰণ, মাদক দ্ৰব্যৰ অপকাৰিতা দিশ সম্পৰ্কে মাৰ্গ দৰ্শন কৰিবলৈ দিল্লীৰ নিজামুদ্দিন দৰগাহৰ পৰা ৬ গৰাকী ইছলাম ধৰ্মীয় গুৰু আৰু বিভিন্ন প্ৰান্তৰ পৰা কেইবাগৰাকী ধৰ্মীয় গুৰু উপস্থিত থাকিব ।
Also Read: লক্ষ্য বিজেপিক গাদীচ্যুত কৰা ! দুধনৈত নিৰ্বাচনী কুচকাৱাজত ব্যস্ত আপ