তামুলী কৃষি পামৰ শিৱ মন্দিৰত শ্ৰী শ্ৰীমহা শিৱৰাত্ৰি পূজা মহোৎসৱ

তামুলী কৃষি পামৰ শিৱ মন্দিৰত শ্ৰী শ্ৰীমহা শিৱৰাত্ৰি পূজা মহোৎসৱ
User

ডিজিটেল সংবাদ, নলবাৰীঃ নলবাৰী জিলাৰ তিলানা গাৱঁত অৱস্থিত তামুলী কৃষি পামৰ শিৱ মন্দিৰে এইবাৰ ৫০ বছৰ অৰ্থাৎ সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিব । সোণালী জয়ন্তীৰ উপলক্ষে মন্দিৰ ভাগত শ্ৰী শ্ৰীমহা শিৱৰাত্ৰি পূজা মহোৎসৱৰ আয়োজন কৰা হৈছে। আগন্তুক ৮ মাৰ্চ শুকুৰবাৰে এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে শিৱৰাত্ৰি পূজা ভাগৰ সোণালী জয়ন্তী উদযাপনৰ প্ৰস্তুতি কৰা হৈছে।

উক্ত দিনত পুৱা ৯ বজাত অনুষ্ঠান আৰম্ভ হ'ব মুখ্য ধৰ্মধ্বজা উত্তোলনেৰে। ধ্বজা উত্তোলন কৰিব ৰঞ্জীত মিশ্ৰই। লগতে বিশিষ্ট ব্যক্তিৰ দ্বাৰা সোণালী জয়ন্তী বৰ্ষৰ ৫০ খন ধৰ্মধ্বজা উত্তোলন কৰা হ'ব।

এই অনুষ্ঠানত উপস্থিত থাকিব কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, নলবাৰী জিলাৰ আয়ুক্ত বৰ্ণালী ডেকা, বাক্সা জিনা আয়ুক্ত কৃষ্ণা বৰুৱা, বৰ্ণালূ ডেন্স একাডেমীৰ অধ্যক্ষা বৰ্ণালী মহন্ত, বৰনগৰ মহাবিদ্যালয়ৰ বিশিষ্ট শিক্ষাবিদ ড০ বীৰেণ কুমাৰ চক্ৰৱৰ্তী, বিশিষ্ট শিল্পী ড০ অনিমা চৌধুৰী, কন্ঠশিল্পী মনিষা হাজৰিকা, জে পি দাস, গীতালী কাকতি।

সোণালী জয়ন্তী অনুষ্ঠানতে স্মৃতি গ্ৰন্থ 'শিৱায়ন' উন্মোচন কৰিব সাহিত্য অকাডেমী বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰাই । এই অনুষ্ঠানত আমন্ত্ৰিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত।

সোণালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি এখন একক নৃত্যৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। উক্ত প্ৰতিযোগিতাখনত প্ৰথম পুৰস্কাৰত নবীন চন্দ্ৰ তামুলী সোঁৱৰণী চূড়ান্ত বঁটা আৰু নগদ ৫০০১ টকা, দ্বিতীয় পুৰস্কাৰত ৰশ্মিবালা তামুলী সোঁৱৰণী চূড়ান্ত বঁটা সহ নগদ ৩০০১ টকা, তৃতীয় পুৰস্কাৰত সতীশ চন্দ্ৰ সোঁৱৰণী চূড়ান্ত বঁটা নগদ ২০০১ টকা প্ৰদান কৰা হ'ব।

উক্ত অনুষ্ঠানৰ সমূহ কাৰ্যসূচীত পূজা সমিতিৰ সমূহ পৰিয়ালবৰ্গই সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা কামনা কৰিছে।

তামুলী কৃষি পামৰ শিৱ মন্দিৰত শ্ৰী শ্ৰীমহা শিৱৰাত্ৰি পূজা মহোৎসৱ
প্ৰধানমন্ত্ৰীয়ে কোৱাৰ দৰেই সলনি হৈছে ভাৰতীয় ৰে'লৱেঃ পিছে উন্নতি নহয়, হৈছে অধোগতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in