বঙালপাৰা চিদ্দিক আলী জাতীয় বিদ্যালয়ত শৈক্ষিক সমাৰোহ

বঙালপাৰা চিদ্দিক আলী জাতীয় বিদ্যালয়ত শৈক্ষিক সমাৰোহ

author-image
Asomiya Pratidin
New Update
বঙালপাৰা চিদ্দিক আলী জাতীয় বিদ্যালয়ত শৈক্ষিক সমাৰোহ

ডিজিটেল সংবাদ, হাজোঃ হাজোৰ বঙালপাৰা চিদ্দিক আলী জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈছে শৈক্ষিক সমাৰোহ। অতি পিছপৰা অঞ্চলৰ বিদ্যালয়খনত অনুষ্ঠিত এই শৈক্ষিক সমাৰোহে অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। বাৰেৰাহনীয়া অনুষ্ঠানৰে বিদ্যালয় প্ৰাংগণ এক মিলন স্থলীলৈ পৰিগণিত হৈছে।

Advertisment

এই অনুষ্ঠানত নবাগত সকলক আদৰণি আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ মনোজ্ঞ আলোচনাৰ উপৰিও সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। অঞ্চলটোৰ কেইবাজনো বিশিষ্ট শিক্ষাবিদ উপস্থিতিত থাকে এই শৈক্ষিক সমাৰোহত।

বিশিষ্ট শিক্ষাবিদ তথা অভিযন্তা আবু তালেব চিদ্দিকীৰ প্ৰচেষ্টাত অতি পিছপৰা অঞ্চলটোত এক শৈক্ষিক জাগৰণ আনিবলৈ সক্ষম হোৱা এই চিদ্দিক আলী জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা শৈক্ষিক সমাৰোহ এক বিশেষ বাৰ্তা বহন কৰিছে।

Also Read: 'ৰাজেন ফুকন ফুটবল প্ৰতিযোগিতা'ত দীঘলী চাহ বাগিচা চূড়ান্ত বিজয়ী

চিদ্দিক আলী জাতীয় বিদ্যালয়